Bravery : উৎকোচ লৈ গ্ৰেপ্তাৰ লাটমণ্ডল

WhatsApp Image 2022 10 15 at 13.57.49

লোভেই পাপ,পাপেই মৃত্যু ৷ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল এজন লাট মণ্ডলৰ ক্ষেত্ৰত ৷ উৎকোচ লওতেই হাতে লোটে গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীৰ দুৰ্নীতি নিৰ্বাপক শাখাই ৷

যোৰহাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল আব্দুল বাকি শ্বেখক নিজ বাসগৃহত উৎকোচ লৈ থকা অৱস্থাত পূৰ্বৰে পৰা খাপ পিটি থকা দুৰ্নীতি নিবাৰক শাখাই আটক কৰে ৷

উল্লেখ্য যে শ্বেখৰ বিৰুদ্ধে বিভিন্ন সময়ত ঘোচ লোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷

লাট মণ্ডলজনক গ্ৰেপ্তাৰ কৰাৰ কথা টুইটযোগে সদৰি কৰিছে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷

Exit mobile version