Cracked Heel Remedy : শীতকালত কেনেদৰে ল’ব ফটা গোৰোহাৰ যতন ? জানিবলৈ পঢ়ক…

crackedHeels 612023250 770x553 1 650x428 1

শৰৎ পাৰ হৈছে, নিশা কিছু কিছু পৰিমাণে ঠাণ্ডাও পৰিছে । শীত পৰাৰ লগে লগে ভৰি ফটাৰ সমস্যাও বাঢ়িছে । অনেকৰেই গোটেই বছৰ কম-বেছি পৰিমাণে ফাটে । অৱশ্যে বতাহত আর্দ্রতা কমিলে যেন এই সমস্যা অধিক হয় । ভৰিৰ পতাই গোটেই শৰীৰৰ ভৰ বহন কৰে, ইয়াৰ উপৰি যিসকলে ৰাস্তাই-ঘাটে ওলায়, তেওঁলোকৰ ক্ষেত্রত থাকে ধূলি-বালিৰ সমস্যা । সেয়ে ৰূপচর্চাৰ লগতে ভৰিৰ পতাৰো যতন ল’ব লাগিব ।

এই সময়ছোৱাত কেনেদৰে ভৰিৰ যত্ন ল’ব ?

১। মাউথৱাছ : শুনিবলৈ আচৰিত যেন লাগিলেও ভৰিৰ পতা বা গোৰোহা ফটা সমাধান কৰিব পাৰে মাউথৱাছে । এক ভাগ মাউথৱাছৰ স’তে দুভাগ পানী মিহলাই, তাত ফটা ঠাইডোখৰ ডুবাই ৰাখক । প্ৰকৃততে মাউথৱাছত ভৰিৰ জীৱাণু নাশ কৰাৰ লগতে, আর্দ্রতাও অটুট থাকে ।

২। কল : কলত ভিটামিন এ, বি আৰু চি থাকে । বিভিন্ন খনিজ পদার্থও থাকে । পকা কল ফেনেকি ফটা ঠাইত লগাই থ‌ওক । ২০ মিনিট ৰাখি পৰিষ্কাৰ পানীৰে ভৰি ধুই দিয়ক । মনকৰিবলগীয়া যে, ভৰিৰ পৰিচর্যাত কেঁচা কল ব্যৱহাৰ নকৰিব ।

৩। মৌ আৰু তেল : ভৰি ফটাৰ আৰু এটা সমাধান মৌ । আধা ঘণ্টালৈকে ফটা ঠাইত মৌ লগাই থ‌ওক । নাৰিকল তেলেও ভৰি ফটা নিৰাময় কৰে । ফটা ঠাইত তেল লগাই ৰাখি অন্তত ১৫-২০ মিনিট অপেক্ষা কৰক । তাৰ পাছত ধুই পেলাওক ।

৪। ময়েছাৰাইজাৰ : ভৰি ফটাৰ সমস্যা কমাবলৈ ময়েছাৰাইজাৰ লগাওক । অৱশ্যে ময়েছাৰাইজাৰ লগাই এটা ঠাইতে বহি থাকিব লাগিব । সেয়ে নিশা শুৱাৰ আগতেই এই প্রসাধনী ভৰিত লগাব লাগিব ।

৫। এল’ভেৰা : কেৱল ভৰি ফটাই নহয়, ছালৰ অন্যান্য সমস্যা দূৰ কৰিবলৈও কার্যকৰ এল’ভেৰা । ভৰি ফটাৰ সমস্যা সমাধান কৰিবলৈ সেয়ে ব্যৱহাৰ কৰিব পাৰে এল’ভেৰা । ইচ্ছা কৰিলে এল’ভেৰাৰ জেলৰ স’তে মৌ মিহলি কৰিও লগাব পাৰে ।

Exit mobile version