FERMENTED RICE PROTECTS CENCER : ৰাতিপুৱাৰ জলপান হিচাপে পইতা ভাত খাওঁক আৰু কেন্সাৰৰ পৰা দূৰত থাকক

WhatsApp Image 2022 10 15 at 19.41.22 1

 FERMENTED RICE PROTECTS CENCER : গ্ৰাম্য জীৱনৰ এক অবিচ্চেদ্য অংগ হৈছে পইতা ভাত । পইতা ভাতৰ লগত আলু পিটিকা, বেঙেনা পোৰা পিটিকা, আলু পোৰা পিটিকা আৰু মাছৰ পোৰা পিটিকাৰ সোৱাদৰ সমান হয়তো কোনো আহাৰৰ জুতিত পোৱা সম্ভৱ নহয় ।
পইতা ভাত তৈয়াৰ কৰাও একেবাৰে সহজ । গৰম ভাতত পানী ঢালি থৈ দিলেই পইতা ভাত তৈয়াৰ হয় । পইতা ভাত শৰীৰৰ বাবে খুবেই উপকাৰী । কেন্সাৰৰ দৰে মাৰাত্মক ৰোগ প্ৰতিৰোধ কৰাত পইতা ভাতে যথেষ্ট সহায় কৰে। এই সৰ্বজনবিদিত পইতা ভাতৰ উপকাৰী গুণসমূহ হৈছে –
১/ পইতা ভাতে মানুহৰ পাচনতন্ত্ৰ ঠাণ্ডা কৰি ৰখাত সহায় কৰে । অৰ্থাৎ শৰীৰৰ তাপ নিয়ন্ত্ৰণ কৰাত পইতা ভাতৰ ভূমিকা উল্লেখনীয় ।
২/ পইতা ভাতত মেটাবলাইট আইছ’ৰশ্যামেনেটিন -চেভেন-গ্লুকোচাইড পোৱা যায় । যি কেন্সাৰ প্ৰতিৰোধ কৰাত সহায় কৰে ।
৩/ পইতা ভাতত প্ৰচুৰ পৰিমাণে কেলচিয়াম পোৱা যায় । যি হাড় মজবুত কৰাত সহায় কৰে ।
৪/ পইতা ভাতত প্ৰচুৰ পৰিমাণে চৰ্ট ছেন ফেটি এচিড থাকে। যি অন্তৰ স্বাস্থ্যৰ উন্নতিত সহায়ক হয় ।
৫/ পইতা ভাত সাধাৰণ ভাততকৈ বহু বেছি পুষ্টিকৰ আৰু ই সহজে হজমো হয় ।
৬/ পইতা ভাতত প্ৰচুৰ পৰিমাণে আইৰণ থাকে । যি শৰীৰত তেজ বৃদ্ধি কৰাৰ লগতে ৰক্তহীনতা ৰোগ প্ৰতিৰোধ কৰে ।
গতিকে আপুনি পুৱাৰ আহাৰ হিচাপে পইতা ভাত বাচনি কৰি দিনটোলৈ শৰীৰটো ঠাণ্ডা কৰি ৰখাৰ লগতে পেটৰ বিভিন্ন সমস্যাৰ পৰাও হাত সাৰি থাকিব পাৰিব ।

Exit mobile version