J&K Govt Dismissed 5 Employers For Anti- National Activities : দেশবিৰোধী কাৰ্যকলাপ আৰু সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত জম্মু-কাশ্মীৰৰ ৫ কৰ্মচাৰীক বৰ্খাস্ত

WhatsApp Image 2022 10 15 at 15.36.46 1

J&K Govt Dismissed 5 Employers For Anti- National Activities : দেশবিৰোধী কাৰ্যকলাপ আৰু সন্ত্ৰাসবাদীৰে গোপন সম্পৰ্ক থকাৰ অভিযোগত জম্মু-কাশ্মীৰ চৰকাৰে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ পাঁচ চৰকাৰী কৰ্মচাৰী চাকৰিৰ পৰা বৰ্খাস্ত কৰে ৷

 কৰ্মচাৰী কেইজনৰ বিৰুদ্ধে নাৰ্কো-সন্ত্ৰাসবাদী চিণ্ডিকেট চলোৱা আৰু নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন গোপন খবৰ দি সহযোগিতা কৰাৰ লগতে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ প্ৰদান কৰাত সহায় কৰিছিল বুলি আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছিল ৷

শনিবাৰে শ্ৰীনগৰত এজন জ্যেষ্ঠ চৰকাৰী মুখপাত্ৰই কয় যে ভাৰতৰ সংবিধানৰ ৩১১ অনুচ্ছেদৰ অধীনত কৰ্মচাৰী কেইজনক তাৎক্ষণিকভাৱে বৰ্খাস্ত কৰা হয়৷
চাকৰিৰ পৰা বৰ্খাস্ত হোৱা সকল হৈছে বাৰামুলা কেন্দ্ৰীয় সমবায় বেংক লিমিটেডৰ প্ৰৱন্ধক আফাক আহমেদ ৱানী, জম্মু-কাশ্মীৰ আৰক্ষীৰ অক্সিলিয়াৰী শাখাৰ কনিষ্টবল তানভীৰ ছালিম দাৰ, গাওঁ পঞ্চায়ত কৰ্মী চৈয়দ ইফতিকাৰ আন্দ্ৰাবি, বাৰামুলাৰ জল শক্তি বিভাগৰ চকীদাৰ ইৰশাদ আহমেদ খান আৰু ৰাজহুৱা স্বাস্থ্য অভিযান্ত্ৰিক বিভাগৰ সহকাৰী লাইনমেন আব্দুল মমিন পীৰ।

Exit mobile version