MORIGAON DISTRICT ESTABLISHED DAY : বৰ্তমান মৰিগাঁও জিলাখন ৰাষ্ট্ৰা-পথৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজ্যখনৰ উন্নত জিলাসমূহৰ সমপৰ্যায়ৰঃ মন্ত্ৰী পীযুষ হাজৰীকা

নৱেম্বৰত মুখ্যমন্ত্ৰীয়ে মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ শিলান্যাস কৰিব,

WhatsApp Image 2022 10 15 at 18.25.43 1

MORIGAON DISTRICT ESTABLISHED DAY : ১৪ আৰু ১৫ অক্টোবৰত দুদিনীয়াকৈ আয়োজন কৰা মৰিগাঁও জিলা দিৱসৰ আজিৰ, অসমৰ ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখী মুখ্য অতিথি হিচাপে উপস্থিত থকা মুকলি সভা অনুষ্ঠানত, ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী তথা মৰিগাঁও জিলাৰ জাগীৰোড বিধানসভা সমষ্টিৰ বিধায়ক পীযুষ হাজৰীকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে | অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই কেইবছৰমানৰ আগলৈকে অসমৰ পিছপৰা জিলা হিচাপে একাংশই ক’ব খোজা মৰিগাঁও জিলাখন বৰ্তমানে ৰাজ্যখনৰ অন্যতম উন্নত জিলালৈ উন্নীত হৈ থকাৰ কথা প্ৰকাশ কৰে | উন্নয়নৰ একোটা অন্যতম মাপকাঠি, ৰাষ্ট্ৰা-পথৰ প্ৰসংগৰে মন্ত্ৰী গৰাকীয়ে কয় যে বৰ্তমানৰ মৰিগাঁও জিলাৰ ৰাষ্ট্ৰা-পথবোৰ যথেষ্ট উন্নত আৰু ৰাজ্য চৰকাৰে আতকধুনীয়াকৈ এইবোৰ নিৰ্মাণ কৰিছে |

এসময়ত ৰাজ্যখনৰ আটাইতকৈ বেছি বানপানী হোৱা প্ৰথম তিনিখন জিলাৰ ভিতৰত থকা মৰিগাঁও জিলাত চলিত বৰ্ষত বানৰ প্ৰকোপ হ্ৰাস হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে লাহৰীঘাটত প্ৰায় ১৪ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰি এইবাৰ জলসম্পদ বিভাগে মৰিগাঁৱত বানৰ প্ৰকোপ হ্ৰাস কৰিবলৈ প্ৰয়াস কৰি বহুখিনি সফল হৈছে | শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ জল সম্পদ বিভাগে এচিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে ৩৭০০ কোটি টকাৰ ঋণ লাভ কৰা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে এই ঋণৰ প্ৰায় ৪৩৯ কোটি টকা মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া ৰোধৰ বাবে ব্যয় কৰা হ’ব আৰু ২০২৩ বৰ্ষৰ ডিচেম্বৰ মাহত এই কাম আৰম্ভ কৰা হ’ব | প্ৰায় ডেৰ বছৰে জলসম্পদ মন্ত্ৰী হিচাপে অসমৰ সকলো জিলা ভ্ৰমণ কৰি হোৱা অভিজ্ঞতাৰে বানপানীতকৈ খহনীয়া বেছি ভয়ংকৰ বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে শেহতীয়াকৈ দুদিনমান জাগীৰোড সমষ্টিৰ মায়ং ১ নং মোৰকটা অঞ্চলত প্ৰায় ৯২ টা পৰিয়াল ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ গ্ৰাসত পৰিছে |

ভাষণ প্ৰসংগত মন্ত্ৰী হাজৰীকাই কয় যে কেইবছৰমানৰ আগতে মৰিগাঁও জিলাত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা অনুসৰি জিলাখনত এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে সকলোখিনি কাম প্ৰায় সমাপ্ত হৈছে | অহা নৱেম্বৰ মাহত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে মৰিগাঁও জিলাত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ শিলান্যাস কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে | আনহাতে মুখ্যমন্ত্ৰীগৰাকীৰ একেটা প্ৰস্তাৱিত ভ্ৰমণতে জিলাখনৰ জাগী ভকতগাঁও অঞ্চলত প্ৰায় ৭৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব লগা নতুন দলঙখনৰো আধাৰশিলা স্থাপন কৰিব বুলি মন্ত্ৰী পীযুষ হাজৰীকাই উল্লেখ কৰে |

আনহাতে জাগীৰোডত নিৰ্মীয়মান উৰণীয়া সেঁতুখনত কাৰীকৰি বিসংগতি হোৱা বুলি একাংশ ব্যক্তিয়ে বিভিন্ন মাধ্যমত মন্তব্য কৰি থকাৰ কথাটো উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে তেঁওৰ লগত থকা তথ্য অনুসৰি নিৰ্মীয়মান উৰণীয়া সেঁতুখনত কোনোধৰণৰ কাৰীকৰি বিসংগতি নাই, মাথো ৰেল বিভাগৰ পৰা চুড়ান্ত পৰ্যায়ৰ ড্ৰয়িং নিদিয়াৰ কাৰণেহে নিৰ্মাণৰ কাম আগবঢ়াব পৰা নাই | তাৰোপৰি অসমৰ এটা অন্যতম ব্যস্ত ৰেলপথৰ ওপৰেৰে নিৰ্মাণ হ’ব লগা বাবেও দীঘলীয়া পৰিকল্পনা কৰিহে উৰণীয়া সেঁতুৰ চুড়ান্ত কামখিনি কৰিব পৰা যাব বুলি তেঁও জ্ঞাত হোৱাৰ কথা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে |

বক্তব্যৰ শেষৰফালে মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে মৰিগাঁও জিলাখনক অসমৰ এখন অন্যতম উন্নত জিলালৈ পৰ্যবসিত কৰাৰ বাবে সকলোখিনি কাম কৰিবলৈ প্ৰয়াস কৰা হ’ব | মৰিগাঁও ষ্টেডিয়ামৰ উন্নয়ন, সংহত উপায়ুক্ত কাৰ্যালয় নিৰ্মাণ, জিলা পুঁথিভৰাল আৰু প্ৰেক্ষাগৃহৰ উন্নয়ন আদি কামবোৰ পৰ্যায়ক্ৰমে বিধায়ক ৰমাকান্ত দেউৰীৰ সৈতে মিলি কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে | আজিৰ বক্তব্যৰ প্ৰথমতেই মন্ত্ৰী হাজৰীকাই দুদিনীয়াকৈ আয়োজিত মৰিগাঁও জিলা দিৱসৰ অনুষ্ঠান আতকধুনীয়াকৈ আয়োজন কৰাৰ বাবে জিলা প্ৰশাসনৰ শলাগ লোৱাৰ লগতে সমূহ জিলাবাসীকে জিলা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে |

Exit mobile version