THREE DREADED CRIMINALS ARRESTED IN MEGHALAYA : মেঘালয়ত ৩ কুখ্যাত অপৰাধীক অস্ত্ৰ-শস্ত্ৰ আৰু কে’বা ৰাউণ্ড সক্ৰিয় গুলী সহ গ্ৰেপ্তাৰ

WhatsApp Image 2022 10 15 at 17.12.48

THREE DREADED CRIMINALS ARRESTED IN MEGHALAYA : মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ পৰা আৰক্ষীয়ে শুক্ৰবাৰে পুৱতি নিশা গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই তিনিজন কুখ্যাত অপৰাধীক অস্ত্ৰ-শস্ত্ৰ আৰু কেইবা ৰাউণ্ড সক্ৰিয় গুলীৰ সৈতে গ্ৰেপ্তাৰ কৰা হয় বুলি শনিবাৰে শ্বিলংত সংবাদমাধ্যমৰ সদৰি কৰে মেঘালয় আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী বিষয়া এগৰাকীয়ে ৷

এক গোপন খবৰৰ ভিত্তিত পশ্চিম গাৰো পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক বিবেকানন্দ সিং ৰাথোৰৰ নেতৃত্বত যোৱা বৃহৎ দল এটিয়ে শুকুৰবাৰে নিশা ফুলবাৰী আৰক্ষী থানাৰ অন্তৰ্গত নিকিকোনা গাওঁত অৰ্তকিতে অভিযান চলায় দুৰ্ধষ অপৰাধী তিনিটাক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । ধৃত অপৰাধী কেইটাৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু কে’বা ৰাউণ্ড সক্ৰিয় গুলী উদ্ধাৰ কৰে।

এছ পি ৰাথোৰে অভিযানটোৰ সন্দৰ্ভত কয়, “আমি তিনিজন অপৰাধীক গ্ৰেপ্তাৰ কৰিছো আৰু এটা পিষ্টল, তিনি ৰাউণ্ড সজীৱ গুলী, এখন মটৰ চাইকেল য’ত পঞ্জীয়ন নম্বৰ এমএল-০৮জি-৪২৯৫, এটা স্কুটি পঞ্জীয়ন নম্বৰ অবিহনে, দুটা ম’বাইল ফোন, দুখন চিম কাৰ্ড তেওঁলোকৰ পৰা উদ্ধাৰ কৰিছো।”

ধৃত অপৰাধী কেইটা হ’ল চিলমান আৰ মাৰাক(৩০), ইলিয়াছ আলম(২৪) আৰু নুৰ হুছেইন(২৯) চিনাক্ত কৰা হয় ।

Exit mobile version