আজি পশ্চিম সোনাইৰ কুৱাৰপাৰ দূর্গা মণ্ডপ ঘুংঘুৰত অঞ্চলৰ বিশিষ্ট নাগৰিকসকলৰ এক সমাৱেশৰ আয়োজন কৰা হয় । সভাত আগন্তুক জানুৱাৰীত ৰুদ্র মহাযজ্ঞ আয়োজনৰ সংকল্প গ্রহণ কৰা হয় । পণ্ডিত আনন্দ প্রসাদ দ্বিবেদীয়ে হাত তুলি উপস্থিত জনগণক ৰুদ্র মহাযজ্ঞত অংশগ্রহণৰ বাবে সংকল্প পাঠ কৰায় ।
দেওবাৰে ঘুংঘুৰ মণ্ডপ চৌহদত অশস্থিত শিৱ মন্দিৰত পূজা আৰু ওমকাৰ ধ্বনিৰে সভা আৰম্ভ হয় । সভাত প্রবীণ সাংবাদিক আৰু সমাজসেৱী দিলীপ কুমাৰ ৰুদ্রই যজ্ঞৰ গুৰুত্ব আৰু উপকাৰিতা সন্দৰ্ভত ব্যক্তব্য প্ৰদান কৰে । আলোচনাৰ শেষত স্থানীয় সমাজসেৱী প্রদীপ নাগৰ ঘুংঘুৰ পথৰ কাষত অৱস্থিত ভূমিত যজ্ঞস্থলৰ বাবে নির্ধৰণ কৰা হয় । সভাত সিদ্ধান্ত গ্ৰহণ হয় যে মহাযজ্ঞৰ লগতে শিৱ মহাপুৰাণ সন্দৰ্ভত বক্তৃতা আৰু নিশা ৰামলীলা মঞ্চস্থ কৰা হ’ব । অহা ছয় নৱেম্বৰত ৰুদ্র মহাযজ্ঞ আয়োজনৰ বাবে এটা শক্তিশালী সমিতি গঠন কৰা হ’ব ।
আজিৰ বৈঠকত উপস্থিত থাকে ৰামনৰায়ণ নুনিয়া, দিলীপ কুমাৰ, কাঞ্চন নুনিয়া, ডাঃ ৰীতা সিং, সীমা কুমাৰ, ৰাজেন্দ্র পাণ্ডে, শ্রীৰাম নুনিয়া, প্রদীপ কুর্মি, চন্দ্রমা কৈৰি, সুভাষ চৌহান, পৃথ্বীৰাজ গোৱালা, গণেশ লাল ছেত্রী, জৱাহৰলাল পাণ্ডে, পঞ্চম নুনিয়া, নির্মল গোৱালা, বিমল নুনিয়া, সুজিত নুনিয়া, কল্যাণ হাজাম, জগদীশ চৌহান, ৰামচৰণ চৌহান, প্রভুনাথ সোনাৰ, ৰাজকুমাৰ নুনিয়া, অজয় নুনিয়া, মহাদেৱ নুনিয়া, ৰমেশ নুনিয়া, দয়াৰাম নুনিয়া, ৰিতেশ নুনিয়া, আকাশ যাদৱ প্রমুখ ।






























