হাউলীত ভাৰতীয় ষ্টেট বেংকৰ বিত্তীয় সজাগতামূলক সভা

WhatsApp Image 2022 10 16 at 17.41.32

বিত্তীয় সেৱা বিভাগে ভাৰতবৰ্ষত গাঁও পঞ্চায়ত পৰ্যায়ত ‘বিত্তীয় অন্তৰ্ভুক্তিৰ দ্বাৰা সাৱলীকৰণ’ শীৰ্ষক এক অভিযান আৰম্ভ কৰিছে । এই অভিযান বেংকৰ জৰিয়তে ভাৰত চৰকাৰৰ বিত্ত বিভাগে দেশৰ জনতাক আৰ্থিক দিশত সজাগ, সৱলীকৰণ আৰু সুৰক্ষিত কৰি তোলাৰ প্ৰয়াস চলাইছে ।

এই অভিযান পোন প্ৰথমবাৰৰ বাবে দেশৰ সাতখন বিশেষ জিলাত আৰম্ভ কৰিছে । এই সাতখন জিলাৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ বৰপেটা জিলাই স্থান লাভ কৰিছে । ইয়াৰে অংশ হিচাপে কালি ভাৰতীয় ষ্টেট বেংকৰ হাউলী শাখাই হাউলীৰ বৰবালাত এক সজাগতা সভা অনুষ্ঠিত কৰে । সভাত ভাৰতীয় ষ্টেট বেংকৰ উৰ্ধতম বিষয়াই উপস্থিত থাকি সভাত উপস্থিত থকা সহস্ৰাধিক গঞা ৰাইজক আৰ্থিক দিশত কিদৰে সঞ্চয় কৰিব লাগে, বীমা, ঋণ আদিৰ বিষয়ে অৱগত কৰে ।

এই অভিযানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সভাত ১০টা মহিলা আত্ম সহায়ক গোটক গোট ঋণ, ছয়গৰাকীক মুদ্ৰা ঋণ আৰু ৩৯গৰাকীক পশু পালনৰ ঋণ প্ৰদানৰ আনুষ্ঠানিকতা আৰম্ভ কৰে । এই অভিযানৰ জৰিয়তে ৰাইজক ঋণ প্ৰদান কৰি যাব বুলি বেংক কৰ্তৃপক্ষই জানিবলৈ দিছে ।

তদুপৰি বেংকত একাউন্ট নথকাসকলক সভা অঞ্চল স্থাপন কৰা চিএছপি শিৱিৰত থিতাতে একাউন্ট খোলা আৰু আধাৰ ছেডিঙৰ ব্যৱস্থা কৰি দিয়ে । সজাগতামূলক অভিযান অনুষ্ঠানত ষ্টেট বেংকৰ জিএম সুৰঞ্জনা দত্ত, হাউলী শাখাৰ মুখ্য প্ৰৱন্ধক ৰামকৃষ্ণ সাহাৰ লগতে ভাৰতীয় ষ্টেট বেংকৰ উচ্চ পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকে ।

Exit mobile version