Health : মুখৰ দুর্গন্ধৰ পৰা পৰিত্ৰাণ পাবলৈ কোন কেইটা উপায় অৱলম্বন কৰিব !

bad breath

গাৰ ছাল হ‌ওক বা চুলি, হজমৰ সমস্যাৰ পৰা চৰ্দি-কাহ — গোটেই বছথ কম-বেছি পৰিমাণে অনেকে এইসমূহ নানা অসুখত ভোগে । অৱশ্যে এইবোৰ অসুখ নিয়ন্ত্ৰণত ৰাখিবলৈ ঔষধৰ লগতে সতর্কতাও অৱলম্বন কৰিব লাগিব । আয়ুর্বেদ শাস্ত্র মতে, এইসমূহ ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ নিম বেচ উপকাৰী ।

যিদৰে নিমৰ জীৱাণুনাশক ক্ষমতা আছে, তেনেদৰেই ইয়াৰ এন্টি-অক্সিডেন্টে শৰীৰৰ প্ৰদূষিত পদার্থ দূৰ কৰি সুস্থ-সৱল কৰি ৰাখে । নিম পাত পিহি লগালে নানা অসুখ প্রতিহত হোৱাৰ লগতে, খালেও বহু অসুখ দূৰত থাকে । জানি ল‌ওক কেনেদৰে নিম আমাৰ দৈনন্দিন জীৱনৰ কামত আহিব পাৰে ।

নিমৰ ডাল : নিম গছৰ ডালতো এন্টিবেক্টেৰিয়েল গুণ থাকে । এতিয়াও গাঁৱত অনেকেই নিমৰ ডাল দাঁতুন হিচাপে ব্যৱহাৰ কৰে । মুখৰ দুর্গন্ধ দূৰ কৰিবলৈ, দাঁতৰ ফাঁকত জীৱাণু সংক্রমণ ৰোধ কৰিবলৈ, দাঁতৰ গুৰি শক্তিশালী কৰিবলৈ আৰু দাঁতৰ ফৰা হোৱা ৰক্তক্ষৰণ হ্ৰাস কৰিবলৈ নিম বেচ কার্যকৰী । তদুপৰি কৃমি হ’লে, জ্বৰ হ’লেও আয়ুর্বেদ শাস্ত্রত নিম ডালৰ ব্যৱহাৰ কৰা হয় ।

নিমৰ গুৰি : নিমপাত শুকান কৰি তাৰ গুৰি তৈয়াৰ কৰি ব্যৱহাৰ কৰিব পাৰে । নিমৰ গুৰিৰ পানীয় বনাই খালে পেটৰ সমস্যা দূৰ হয় । শৰীৰৰ ৰোগ-প্রতিৰোধ ক্ষমতা বাঢ়ে । নিমত ‘এজাডাইৰেক্টিন’ আৰু ‘নিমবাইডিন’ নামক দুটা উপাদান থাকে । উকনি পৰা পৰিত্ৰাণ, ওফিৰ সমস্য আৰু মূৰৰ ছাল গুচাৰ সমস্যাৰ ক্ষেত্ৰত এই উপাদানবোৰ অতি কার্যকৰী । সেয়ে হেয়াৰ পেকতো এই গুৰি ব্যৱহাৰ কৰিব পাৰে ।

নিমপাত : বহু সময়ত কটা-ছিঙা ক্ষতস্থানত নিমপাতাৰ ৰস লগোৱা হয় । নিমৰ এন্টিবেক্টেৰিয়েল গুণে ক্ষত নিৰাময় কৰাত সাহায় কৰে । ছালত খৰ-খজুৱতি সংক্রমণো ৰোধ কৰে নিমে । ছালৰ উজ্জ্বলতা বৃদ্ধি কৰিবলৈ নিয়মিত নিমপাতাৰ স’তে কেঁচা হালধি পিহি খাব পাৰে । অৱশ্যে মিশ্রণত নিমপাততকৈ হালধিৰ পৰিমাণ যেন কম হয় ।

Exit mobile version