India Pakistan : পাকিস্তানত থকাৰ ইচ্ছা নাই, কাঁটা তাঁৰ পাৰ হৈ ভাৰতত প্ৰৱেশ প্রায় এশ হিন্দুৰ

প্রশ্ন তেওঁলোকৰ ভৱিষ্যতক লৈ

jammu kashmir india pakistan border police GettyImages 1234709923

পাকিস্তানত থাকিবলৈ একো নাই তেওঁলোকৰ । সেয়ে দেশত ভেটি-মাটি এৰি অহাৰ বাহিৰে তেওঁলোকৰ অন্য কোনো বিকল্প নাই । বিগত কিছু দিন পূৰ্বে পাকিস্তানৰ প্রায় এশজন হিন্দু কাঁটা তাঁৰ পাৰ হৈ ভাৰতত আহিছে । কিন্তু তেওঁলোকে ভাৰতত স্থায়ীভাৱে থাকিব পাৰিব নে ?

প্ৰাপ্ত তথ্য অনুসৰি, ইয়াৰ পূৰ্বে ৰাজস্থানত আহিছিল প্রায় আঠশজন পাকিস্তানি হিন্দু । পাকিস্তানত নিৰ্যাতনৰ বলি হৈছিল বুলি অভিযোগ কৰিছিল তেওঁলোকে । সেয়ে ভাৰতত আহি স্থায়ীভাৱে থাকিব বিচাৰিছিল ।

কিন্তু অৱশেষত ভাৰতীয় নাগৰিকত্ব নোপোৱাত বিগত বছৰত তেওঁলোকে বাধ্য হৈ পাকিস্তানলৈ উভতি যাবলগীয়া হয় । ফলত নতুনকৈ যিসকল পাকিস্তানি হিন্দুৱে ভাৰতত আহি স্থায়ীভাৱে থকাৰ সপোন দেখিছে, তেওঁলোকৰ ভৱিষ্যৎ কি হ’ব, তাক লৈ প্রশ্ন উঠিছে ।

প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ১২ অক্টোবৰত নতুনকৈ পাকিস্তানি হিন্দুৰ এটা দল ভাৰতত আহে । পাছত আৰু এটা দল আহে যোৱা ১৪ অক্টোবৰত । অভিযোগ, তেওঁলোক নিৰ্যাতনৰ বলি হৈছে । সেয়ে তেওঁলোকে পাকিস্তানত থাকিব নিবিচাৰে । ভাৰততেই স্থায়ীভাৱে বসবাস কৰিব বিচাৰে তেওঁলোকে । সেয়ে পাকিস্তানৰ সিন্ধু প্রদেশৰ পৰা প্রায় এশজন হিন্দু ভাৰতত এহিছে । চলিত সপ্তাহত তেওঁলোক ৰাজস্থানৰ জোধপুৰত উপস্থিত হৈছে ।

সম্প্রতি পাকিস্তানত বান পৰিস্থিতিৰ সৃষ্টি হৈছে । এনে পৰিস্থিতিত পাকিস্তান চৰকাৰে সাহায্য প্ৰদান কৰিছে । কিন্তু সাহায্য আবণ্টনত তেওঁলোকক বৈষম্য কৰা হৈছে বুলি অভিযোগ কৰিছে সিন্ধু প্রদেশৰ হিন্দুসকলে ।

সীমান্ত পাৰ হৈ ভাৰতত অহা এশজন ভিল সম্প্রদায়ৰ । পাকিস্তানৰ সিন্ধু প্রদেশৰ তান্দো আল্লাহৱাৰ জিলাত বাস কৰে তেওঁলোক ।

আটাৰি-ৱাঘা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছে ভিল সম্প্রদায়ৰ প্রায় এশজন বাসিন্দাই । সীমান্ত পাৰ হৈ ভাৰতত অহাৰ কথা সংবাদ সংস্থাক জনাইছে চতুৰাৰম ভিল নামে এজন ব্যক্তিয়ে । পত্নী আৰু আঠ সন্তানক লৈ তেৱোঁ ভাৰতত আহিছে ।

চতুৰাৰামে জনাইছে, তেওঁলোকে প্রথমে হৰিদ্বাৰত গৈছিল । তাৰ পৰা তেওঁলোকে জোধপুৰত যায় । তেওঁলোকৰ ভিতৰত অনেকেই স্থায়ীভাৱে থাকিব বিচাৰিছে যোধপুৰত । অৱশ্যে চতুৰাৰম ৰাজস্থানৰ জয়ছলমীৰত গৈছে ।

ভাৰতত অহাৰ প্রসংগত তেওঁ কয়, ‘‘সংসাৰ চলাবৰ বাবে কোনো কাম নাই । ঘৰত ইমান টকাও নাই যে খাদ্য কিনিম । বানত আমাৰ অনেকৰে ঘৰ উটি গৈছে । তাত থাকিবৰ বাবে ঠাই নাই ।’’

এই দলৰে বিষ্ণু নামে আন এজন লোকে কয়, ‘‘আমাৰ লগত বৈষম্য কৰা হৈছে । পাকিস্তান ত্যাগ কৰাৰ বাহিৰে আমাৰ অন্য একো বিকল্প নাছিল ।’’

জনাইছে, সেই দেশত উভতি যোৱাৰ ইচ্ছা নাই তেওঁলোকৰ । তেওঁলোক ভাৰততেই থাকিব বিচাৰে বুলি ইচ্ছাপ্রকাশ কৰিছে বিষ্ণুৱে । কিন্তু তেওঁলোকৰ ইচ্ছাপূৰণ হ’ব নে ? সাম্প্রতিক ঘটনাপ্রবাহে কিন্তু তেনে ইংগিত দিয়া নাই ।

পাকিস্তানৰ পৰা হিন্দুসকলৰ নথি পৰীক্ষা কৰা হ’ব বুলি আৰক্ষীৰ তৰফৰ পৰা জনাইছে । এএছপি (চিআইডি) ৰামেশ্বৰ লাল মেঘৱালে কয়, ‘‘সকলো আইন অনুয়ায়ী কৰা হ’ব । যদি তেওঁলোকে উভতি যাব নিবিচাৰে, তেনেহ’লে ইয়াত থাকিবৰ বাবে যি যি কৰণীয়, সেয়া কৰিবলৈ দিয়া হ’ব ।’’

প্ৰাপ্ত তথ্য অনুসৰি, সম্প্রতি ৰাজস্থানত অহা প্রায় আঠশজন পাকিস্তানি হিন্দুৱে কিন্তু উভতি যাবলগীয়া হৈছে । ফলত এই এশজনৰ কি হ’ব, তাক লৈ প্রশ্ন উত্থাপন হৈছে ।

Exit mobile version