Lottery : পাঁচ কোটি টকাৰ লটাৰী জিকি নিখোজ হ’ল এজন ব্যক্তি

WhatsApp Image 2022 10 16 at 15.04.34

কিছুদিন পূৰ্বে পশ্চিমবংগৰ দাসপুৰ অঞ্চলত এজন ব্যক্তিয়ে লটাৰীত পাঁচ কোটি টকা জিকিছিল । উল্লেখ্য যে, লটাৰী জিকাৰ পিছতেই ব্যক্তিজন নিখোজ হৈ পৰে । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এক চেপা উত্তেজনাই বিৰাজ কৰে । দাসপুৰৰ লগতে দাঁতি কাষৰীয়া মেদিনীপুৰ জিলাতো এইজন ব্যক্তিক লৈ সকলোৰে মাজত কৌতুহলৰ সৃষ্টি হয় ।

এই কোটিপতিজনক বিচাৰি লটাৰী এজেন্সিৰ লগতে দাসপুৰ অঞ্চলৰ স্থানীয় বাসিন্দাও অনুসন্ধান আৰম্ভ কৰে । অৱশেষত এই পাঁচ কোটি টকা জিকা বিশেষ ব্যক্তিজনৰ সন্ধান পোৱা যায় । প্ৰাপ্ত তথ্য অনুসৰি, এই পাঁচ কোটি টকা জিকা ব্যক্তিজনৰ নাম সুদীপ মাইতি । পেশাত এগৰাকী সোণাৰি । দাসপুৰৰ নিজৰ ঘৰতেই বাস কৰে লোকজনে । দাসপুৰৰ মাতৃ লটাৰী এজেন্সিৰ পৰা কিছুদিন পূৰ্বে তেওঁ ২০০০ টকাৰ লটাৰী টিকট ক্ৰয় কৰিছিল আৰু সেই লটাৰীতে সুদীপৰ ভাগ্যই এই পাঁচ কোটি টকা লাভ কৰে ।

কিন্তু একেলগে ইমান টকা লাভ কৰি সুদীপে ভয় খাই নিৰুদ্দেশ হৈ যায় । সেই নম্বৰত লটাৰী জিকা সুদীপৰ সন্ধানত সকলোৱে বিচাৰ-খোচাৰ আৰম্ভ কৰে যদিও কোনেও সুদীপক বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাছিল । লোকচক্ষুৰ পৰা সুদীপে আতৰি থাকি নিজৰ ঘৰতে এক আতংকত দিন কটাইছিল । সকলোৱে সুদীপক বিভিন্ন অঞ্চলত বিচাৰি চলাথ কৰি ফুৰিছিল যদিও আতংকিত সুদীপক অৱশেষত নিজৰ ঘৰতে উদ্ধাৰ কৰে স্থানীয় লোকে ।

Exit mobile version