World Last Road : পৃথিৱীৰ শেষ ৰাস্তা ক’ত আছে ? য’ত যোৱাত নিষেধাজ্ঞা আছে, জানিবলৈ পঢ়ক –

এই পথৰ শেষ ক’ত, ক’ত আছে আৰু কি আছে শেষত ?

রাস্তা

এই ৰহস্যঘন বিষয়টোৰ বিষয়ে সকলোৰেই জানিবলৈ আগ্ৰহ জন্মে । ইচ্ছাও কৰে, এবাৰ সেই স্থান চোৱাৰ । তেনেহ’লে সঁচাই পৃথিৱীৰ শেষ ৰাস্তা আছে নেকি ? যিটো গৈ গৈ শেষ হৈছে ক’ৰবাত !

আকাশ য’ত শেষ হৈছে , তাতেই আছে নেকি পৃথিৱীৰ এই শেষ ৰাস্তাটো !

পৃথিৱীতেই সেই ৰাস্তা আছে , যিটোৰ শেষ হৈছে । মিলি গৈছে সীমাহীন অসীমত। ভূ-বিজ্ঞানীয়ে দিলে এই ৰাস্তাৰ সন্ধান । পৃথিৱীৰ এই শেষ ৰাস্তাৰ ঠিকনা হ’ল ইউৰোপৰ ‘ই-৬৯ হাইৱে’ । এই ‘ই-৬৯ হাইৱে’টো নৰৱেত অৱস্থিত । নৰৱেৰ এই ‘ই-৬৯ হাইৱে’ত পৃথিৱীৰ শেষ ৰাস্তাত এবাৰ হ’লেও যোৱাৰ ইচ্ছা আছে বহুতৰে ।

পৃথিৱীৰ এই শেষ ৰাস্তাটো উত্তৰ গোলাৰ্ধৰ অৰ্থাৎ নিৰক্ষৰেখাৰ ঠিক ওপৰতে আছে । ৰাস্তাটোক কিয় পৃথিৱীৰ শেষ ৰাস্তা কোৱা হয়, তাৰ বাখ্যাও ভূ-বিজ্ঞানীসকলে দাঙি ধৰিছে । সেই ৰাস্তাত কি কোনেও যাব নোৱাৰে নেকি বা কিদৰে সেই ৰাস্তাত যোৱাটো সম্ভৱ হ’ব ! সেই বাখ্যাও ভূ-বিজ্ঞানীয়ে দিছে ।

নৰৱেৰ ‘ই-৬৯ হাইৱে’ উত্তৰ মেৰুৰ কাষেদি পাৰ হৈ গৈছে । এই ৰাস্তাই উত্তৰ ইউৰোপৰ নৰ্ডকেপক সংযোগ কৰিছে নৰৱেৰ ওল্ডাফিউওৰ্ড গ্ৰামৰ লগত । এই ‘ই-৬৯ হাইৱে’ ৰ দুৰত্ব ১২৯ কিলোমিটাৰ । পাঁচটা সুৰংগ পাৰ হ’ব লাগে এই ৰাস্তা অতিক্ৰম কৰিবলৈ । ইয়াৰ মাজতে পোৱা আটাইতকৈ ডাঙৰ সুৰংগটো হৈছে ‘নৰ্থ কেপ’ । যিটো প্ৰায় ৬.৯ কিলোমিটাৰ দীঘল । এই ‘নৰ্থ কেপ ‘ সুৰংগটো গৈছে সমুদ্ৰতলৰ ২১২ মিটাৰ তলত । ইয়াতেই এই ৰাস্তাটোৰ শেষ হৈছে । কিন্তু এই ৰাস্তাইদি যাবলৈ কিছু নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে । সেই নিয়ম নামানিলে এই ৰাস্তাইদি যোৱাৰ অনুমতি লাভ নকৰে । বিশেষকৈ নিয়ম নামানিলে ভয়ংকৰ বিপদত পৰিব পাৰে সকলো যাত্ৰী । সমগ্ৰ ৰাস্তাটোত লুকাই থকা বিপদৰ বাবেই এই ‘ই-৬৯ হাইৱে’ত যোৱাৰ কোনো অনুমতি দিয়া হোৱা নাই ।

এই ৰাস্তাৰ বিষয়ে ভূ-বিজ্ঞানীসকলে জনাইছে যে, সমগ্ৰ পথছোৱাত ভয়ানক গতিত বতাহ বৈ থাকে । ইমানেই ঠাণ্ডা যে, গ্ৰীষ্ম কালতো ইয়াত বৰফ পৰে আৰু শীত কালত এই ৰাস্তা তুষাৰেৰে আবৃত হৈ থাকে । অতিৰিক্ত তুষাৰপাত আৰু বৰষুণৰ লগতে এই ৰাস্তাত প্ৰচণ্ড ধুমুহা হয় । উল্লেখ্য যে, এই স্থানত বতৰৰ কোনো পূৰ্বাভাসেই কাম নকৰে । অৰ্থাৎ সমগ্ৰ পৃথিৱীৰ পৰা বিচিন্ন হৈ পৰা এটা অজনা পৰিবেশে এই সমগ্ৰ অঞ্চলত বিৰাজ কৰি থাকে । এনেবোৰ কাৰণতে এই ৰাস্তাত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে আৰু এই ৰাস্তাটোকে পৃথিৱীৰ শেষ ৰাস্তা বুলি অভিহিত কৰা হৈছে ।

Exit mobile version