খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ স্বকীয় বিশ্বাস, কলা-কৃষ্টি আৰু ঐতিহ্যৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।
ADVERTISEMENT
আজি জনতা ভৱনৰ সভাকক্ষত মুখ্যমন্ত্ৰীয়ে অসমৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীয় গোটসমূহক তেওঁলোকৰ বিশ্বাস আৰু সাংস্কৃতিক বৈভৱক উজ্জীৱিত কৰাত সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে আৰ্থিক মঞ্জুৰী প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গৰ স’তে এক বৈঠকত মিলিত হয় ।
বৈঠকত মুখ্যমন্ত্ৰীয়ে এই গোটসমূহলৈ আৰ্থিক অনুদানৰ বিষয়টো চূড়ান্ত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে ।
এই বৈঠকত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছা উপস্থিত থাকে ।