ধেমাজিত জেপিপি দলৰ  বিশাল ৰেলীৰে সমৰ্থক লৈ তিনি প্ৰাৰ্থীৰ মনোনয়ন

জেপিপিৰ উত্থানত শংকিত শাসক দল

WhatsApp Image 2022 10 17 at 18.26.32

দেউৰী জাতীয় একমাত্ৰ ৰাজনৈতিক দল জিম’চাঁয়া পিপলছ পাৰ্টি (JPP)য়ে দেওবাৰে আদিস্থান ঐতিহ্যমণ্ডিত শদিয়া বুঢ়া-বুঢ়ী শালত দেউৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে সংকল্প গ্ৰহণৰ পাছতে টঙালি বান্ধিছে পৰিষদীয় নিৰ্বাচনৰ বাবে । ইতিমধ্যে ১৮টা সমষ্টিত টিকট ঘোষণা কৰে দলটোৱে ।

ৰাজ্যৰ বিভিন্ন জিলাত আজি নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে জেপিপিয়ে । ধেমাজিতো ১৩ নং বৰদলনি সমষ্টিৰ জেপিপি দলৰ সমৰ্থিত(নিৰ্দলীয়) প্ৰাৰ্থী হিচাপে বিশাল সমৰ্থক আৰু মটৰ ৰেলীৰে ধেমাজি জিলা নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন দাখিল কৰে ।

একদৰে ১১ নং শ্ৰীপানী সমষ্টিত বীণাপাণি দেউৰীয়ে বিশাল সমৰ্থকক লৈ শোভাযাত্ৰাৰে আজি মনোনয়ন দাখিল কৰে জেপিপিৰ তৰফৰ পৰা । ১২ নং গোগামুখ সমষ্টিৰ পৰাও নিৰুপ্ৰভা দেউৰীয়ে সমৰ্থক লৈ ধেমাজি নিৰ্বাচনী বিষয়াৰ ওচৰত জেপিপিৰ হৈ মনোনয়ন দাখিল কৰে ।

উল্লেখ্য, আঠ নৱেম্বৰত হ’বলগীয়া দেউৰী পৰিষদৰ নিৰ্বাচনৰ বাবে ১৯ অক্টোবৰত মনোনয়নৰ শেষ দিন । আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত জেপিপিৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক হেমৰাম দেউৰী আৰু জিলা বিষয়ববীয়াই অংশগ্ৰহণ কৰে ।

ইফালে, জেপিপি দলে মনোনয়ন দিয়াৰ বিপৰীতে শাসক দলে বাতৰি লিখা পৰলৈকে ঘোষণা কৰা নাই টিকট আৰু মিত্ৰজোঁট দলক সমষ্টি এৰি দিয়া নিদিয়াৰ সিদ্ধান্ত । এইক্ষেত্ৰত জেপিপি দলৰ উত্থানত শংকিত শাসক দল বুলি দোহাৰিলে জেপিপি নেতা হেমৰাম দেউৰীয়ে ।

Exit mobile version