বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ আশু আৰোগ্য কামনা মধুপুৰ সত্ৰ সমিতিৰ

WhatsApp Image 2022 10 17 at 18.04.22

বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ তথা শংকৰদেৱ বঁটা বিজয়ী মধুপুৰ সত্ৰ সমিতিৰ উপদেষ্টা বশিষ্ঠ দেৱ শৰ্মা যোৱা দীৰ্ঘদিন ধৰি যকৃৎসহ বয়সজনিত একাধিক ৰোগত আক্ৰান্ত হৈ শেহতীয়াভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হাস্পতালত চিকিৎসাধীন হৈ আছে । তেওঁৰ চিকিৎসাধীন হোৱা বাতৰিয়ে অসমৰ ভক্তপ্ৰান ৰাইজৰ লগতে উত্তৰ বংগ কোচবিহাৰৰ মধুপুৰ সত্ৰ সমিতিকো উদ্বিগ্ন কৰি তুলিছে ।

মধুপুৰ সত্ৰ সমিতিৰ সাধাৰণ সম্পাদক কুমাৰ দীপক দাস, প্ৰচাৰ সম্পাদক যুগান্ত বায়ণে বিশিষ্ট সত্ৰীয়া গৱেষকগৰাকীৰ আশু আৰোগ্য কামনা কৰাৰ লগতে গৱেষকগৰাকী অতি সোনকালে সুস্থ হৈ উঠি সত্ৰীয়া কৃষ্টি সংস্কৃতি বিকাশ কৰাৰ ক্ষেত্ৰত তেওঁ ইমান দিনে কৰি থকা অৱদানক পুনৰ নতুন ৰূপত প্ৰতিস্থা কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে । সত্ৰ সমিতিয়ে মধুপুৰ সত্ৰত কাইলৈ সত্ৰাধিকাৰগৰাকীৰ আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনাবলৈ ভাগৱত পাঠ আৰু নাম প্ৰসংগৰ আয়োজন কৰা হৈছে বুলি এটা বিবৃতি যোগে জনাইছে ।

আনহাতে, বৃহত্তৰ হাউলী অঞ্চলৰ সত্ৰাধিকাৰগৰাকীৰ অসুস্থ হোৱা বাতৰিয়ে ভক্তপ্ৰান ৰাইজক উদ্বিগ্ন কৰিছে । অসম বিধানসভাৰ প্ৰধান সচিব হেমেন দাস, হাউলী সাহিত্য সভাৰ সভাপতি নৃপেন পূজাৰী, বিশিষ্ট কবি মনহৰি বায়ন, বৃহত্তৰ হাউলী উন্নয়ন পৰিষদৰ সম্পাদক ধৰণীধৰ দাস, হাউলী ব্যৱসায় সন্থাৰ সম্পাদক ভৃগুদেৱ অসমীয়াই বশিষ্ঠ দেৱ শৰ্মাৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে ।

Exit mobile version