Imran Khan : পুনৰ উত্থান ইমৰানৰ ! পাকিস্তান উপনির্বাচনত বিপুল জয় প্রাক্তন প্রধানমন্ত্রীৰ দলৰ

pakistan imran khan pti win by polls latest news 1665973147833 1665973148141 1665973148141

গাদিচ্যুত হোৱাৰ পাছত আসন দখলৰ যুঁজত জয় ইমৰান খানৰ । পাকিস্তানত উপনির্বাচনত বৃহৎ জয় লাভ ইমৰান খানৰ নেতৃত্বাধীন দল পাকিস্তান তেহৰিক-ই-ইনছাফৰ (পিটিআই) । পাকিস্তানত দেওবাৰে নেছনেল এছেম্বলিৰ আঠখন আসনৰ ভিতৰত ছখন আসনতেই জয়ী হৈছে ইমৰানৰ দল । যাৰ ভিতৰত সাতটা কেন্দ্রত প্রতিদ্বন্দ্বিতা কৰিছিল পিটিআই-য়ে ।

আনহাতে, পঞ্জাৱ এছেম্বলিৰ তিনি আসনৰ উপনির্বাচনত দুটাতেই জয় পিটিআই-ৰ । যাৰ ফলত প্ৰভাৱ পৰিছে সেই দেশৰ ক্ষমতাশীল জোঁটত ।

প্ৰাপ্ত তথ্য অনুসৰি, পাক প্রধানমন্ত্রী শ্বাহবাজ ছৰিফৰ দল পাকিস্তান মুছলিম লিগ (নৱাজ) বা পিএমএলএন কেৱল মাত্র শেখুপুৰা উপনির্বাচনত জয়ী হৈছে । কৰাচি আৰু মুলতানৰ দৰে গুৰুত্বপূর্ণ কেন্দ্রত অৱশ্যে ইমৰানৰ দল পৰাজিত হৈছে । এই দুই কেন্দ্রত জয়ী হৈছে পাকিস্তান পিপলছ পার্টি (পিপিপি) ।

প্রসংগত, চলিত বছৰৰ এপ্রিলত গদিচ্যুত হয় ইমৰান খান । তাৰ পাছৰ পৰা পুনৰ পূৰ্বৰ অৱস্থাত ঘূৰি আহিবলৈ উঠিপৰি লাগিছিল পিটিআই । শ্বাহবাজ চৰকাৰক আঁতৰাবলৈ উঠিপৰি লাগে ইমৰান-অনুগামীসকল । দেশৰ বিভিন্ন প্রান্তত সভা-সমাবেশ কৰে পিটিআই-য়ে । ইয়াৰ পাছত উপনির্বাচনত অধিকাংশ আসনত ইমৰানৰ দলৰ জয় উল্লেখযোগ্য ।

আনহাতে, ‘কৰেংগে ইয়া মৰেংগে’ শ্ল’গান দি ‘লং মার্চ’ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে ইমৰানে । ঘোষণা কৰিছে, দেশজুৰি অভূতপূর্ব সমর্থনৰ জোৱাৰত উটি তেওঁ ৰাজধানী ইছলামাবাদত উপস্থিত হ’ব । তাৰ পাছত দেশবাসীৰ স’তে কথা পাতিব । তাতেই নিৰ্ধাৰণ কৰা হ’ব ভৱিষ্যৎ ৰণকৌশল । সদ্যসমাপ্ত উপনির্বাচনত জয়য় পাছত ইমৰানপন্থীসকলে উশাহ পালে বুলি ধাৰণা কৰা হৈছে ।

Exit mobile version