Lemon Balm : পাত পিহি শৰীৰত লগালে দূৰত থাকিব মহ, আৰু কি কি গুণ আছে লেমন বামৰ ?

LemonBalm 7559b1eb b8c3 4f32 841f

আমাৰ চাৰিওপাশতেই আছে এনে বহু গছ-বন, যিবোৰৰ ভেষজ গুণ বহুমাত্রিক । শিপা, কাণ্ড বা পাত ব্যৱহাৰ কৰি বহু সমস্যাৰ পৰা পাব পাৰে ৰেহাই । তেনে এজোপা গছ হৈছে লেমন বাম । গছজোপা খুব বেছি পৰিচিত নহ’লেও যিসকলে বাগান কৰিবলৈ ভাল পায়, তেওঁলোক অনেকেই গছজোপাৰ সম্পর্কে অৱগত । ইউৰোপ, উত্তৰ আমেৰিকা আৰু পশ্চিম এছিয়াৰ বহু দেশত এই গছ দেখা যায় ।

বিজ্ঞানসম্মত নাম, মেলিছা অফিচিনালিছ । বিশ্বৰ বিভিন্ন প্রান্তত ছালৰ সমস্যা হ্ৰাস কৰিবলৈ আৰু দৈনন্দিন বিভিন্ন সমস্যাৰ পৰা মুক্তি পাবলৈ এই পাত ব্যৱহাৰ কৰা হয় ।

 

কি কি কামত আহে লেমন বাম ?

ব্রণ হ্ৰাস কৰিবলৈ

লেমন বামত জীৱাণুনাশক আৰু প্রদাহনাশক গুণ আছে । ফলত মুখৰ ক্ষত আৰু জ্বলা-যন্ত্রণাৰ সমস্যা কমায় এই ভেষজে । বিশেষকৈ ব্রণৰ সমস্যা কমাবলৈ অনেকেই এই পাত ব্যৱহাৰ কৰে । মুখৰ অতিৰিক্ত তৈলাক্ত ভাব দূৰ কৰিবলৈও বেচ কার্যকৰ এই পাত । পানীত উতলাই সেই পানীৰে মুখ ধুব পাৰে ।

বয়সৰ ছাপ কমাবলৈ

ছালৰ কোষত ৰক্ত সঞ্চালন বৃদ্ধি কৰে লেমন বামে । কোষত ৰক্তসঞ্চালন ভাল হ’লে বলিৰেখাৰ সমস্যা দূৰ হয় । বয়সৰ ছাপ কমে । ছাল টান্ কৰি ৰাখিবলৈ আৰু স্বাভাৱিক ৰং ঘূৰাই অনাতো সহায় কৰে লেমন বাম গছৰ পাতে ।

 

ছানস্ক্রিন

লেমন বামত কেফেইক আৰু ৰোজমাৰিনিক এচিড নামে দুটা উপাদান থাকে । এই দুই উপাদানে ছালক ৰ’দৰ পৰা ৰক্ষা কৰাত সহায় কৰে । সেয়ে প্রাকৃতিক ছানস্ক্রিন হিচাপে এই পাত ব্যৱহাৰ কৰিব পাৰে । অতিবেঙুনীয়া ৰশ্মিৰ প্রভাৱত হোৱা ছালৰ ক্ষতি ৰোধ কৰাত সহায়ক লেমন বাম ।

পোক-পৰুৱা দূৰত ৰাখে

যিহেতু ডেংগী, চিকুনগুনিয়াৰ হাৰ বাঢ়িছে, সেয়ে মহৰ কামোৰৰ পৰা বাচিব পাৰিলেই ৰক্ষা । লেমন বামৰ পাত পিহি শৰীৰত লগালে, পোক-পৰুৱা দূৰত থাকে । অৱশ্যে এই পেষ্ট মুখত নলগাব ।

Exit mobile version