সমস্যা, অশান্তি বা মাৰ-পিট একোৱে নাই । ফলত আৰক্ষীৰ তাচ কোনো অভিযোগো দাখিল নহয় কাৰো বিৰুদ্ধে । একবিংশ শতিকাতো এনে এখন ‘শান্তিপূর্ণ’ গাঁও আছে এই দেশতেই ।
বিষয়টো আচৰ্যকৰ । প্রতিদিনে দেশৰ চোকে-কোণে হিংসা, হত্যাৰ দৰে ঘটনা বৃদ্ধি পাইছে । কিন্তু সেই সময়তেই অভিলেখ গঢ়িছে বিহাৰৰ গয়া জিলাৰ বনকট গাঁৱে ।
দাবী, ১০৮ বছৰ ধৰি এই গাঁৱত কাৰো বিৰুদ্ধে বা কোনো ঘটনাত আৰক্ষীক অভিযোগ দাখিল কৰা হোৱা নাই । আনকি, ৰুজু কৰা নাই এটা গোচৰো । ১৯১৪ত বনকট গাঁৱৰ জন্ম । বর্তমান আঢ়ৈশ লোকে বাস কৰে গাঁওখনত । গাঁওখন সম্পূৰ্ণৰূপে অপৰাধমুক্ত বুলি দাবী কৰে গাঁওবাসীসকলে ।
এই গাঁৱত মূলতঃ যাদৱ, চন্দ্রবংশী আৰু মহাদলিত সম্প্রদায়ৰ লোকে বাস কৰে । দাবী, সকলোৱে মিলিজুলি থাকে । সৰু-সুৰা হাই-কাজিয় যে নহয়, তেনে নহয় । তৎস্বত্ত্বেও এই সমস্যা পঞ্চায়েতথ মাজতে সীমাৱদ্ধ হৈ থাকে । তাতেই সকলো সমস্যা সমাধান কৰা হয় ।
থানা, আৰক্ষীৰ দুৱাৰ পর্যন্ত সেই সমস্যা গৈ নাপায় । কেৱল সেয়াই নহয়, বছৰৰ পাছত বছৰ ধৰি এনে কোনো ঘটনা ঘটা নাই যাৰ বাবে থানা, আৰক্ষী বা আদালতত যাবলগীয়া হৈছে । ইয়াত পঞ্চায়তেই দণ্ডাধিকাৰী । কোনো দোষী প্রমাণিত হ’লে আর্থিক জৰিমনা বিহি শাস্তি প্ৰদান কৰা হয় । সেই ব্যক্তিয়ে যদি নির্দিষ্ট সময়ৰ ভিতৰত জৰিমনা দিব নোৱাৰে, তেনেহ’লে তেওঁক গাঁৱৰ পৰা বহিষ্কাৰ কৰা হয় ।
গাঁওবাসীসকলৰ দাবী, জৰিমনাৰ যিমান টকা পঞ্চায়েতত জমা হয় সেয়া কোনো দৰিদ্ৰ গাঁওবাসীৰ প্রয়োজনত ব্যৱহাৰ কৰা হয় ।