KATI BIHU : কৃষিজীৱী অসমীয়াই আজি উদযাপন কৰিব কাতি বিহু

কংক্ৰিটৰ মহানগৰীৰ বজাৰত চাহিদা বৃদ্ধি তুলসীৰ পুলি আৰু মাটিৰ চাকিৰ

WhatsApp Image 2022 10 18 at 13.27.31

KATI BIHU : আজি অসমীয়াৰ জাতীয় জীৱনৰ অন্যতম কৃষিজীৱী উৎসৱ হেঁপাহৰ কাতি বিহু৷আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু উদযাপনৰ বাবে শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিজন অসমীয়াই সাজু হৈছে ৷ একেদৰে কৃষিজীৱী অসমীয়াই পথাৰৰ নিজৰ হাতেৰে ৰোপন কৰা খেতিডৰাৰ শ্ৰীবৃদ্ধি আৰু গৃহস্থৰ মংগল কামনাৰে চাকি বন্তি জ্বলোৱাৰ পূৰ্ণ প্ৰস্তুতি চলোৱাৰ লগতে সন্ধিয়া তুলসী তলত আৰু পথাৰত আকাশ বন্তিৰ জ্বলোৱাৰ বাবে সাজু হৈছে ৷

ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে কংক্ৰিটৰ মহানগৰ গুৱাহাটীতো কাতি বিহু উদযাপনৰ বাবে সাজু হৈছে মহানগৰবাসী৷ মহানগৰৰ গণেশগুৰি বজাৰ, চান্দমাৰী, বেলতলা ,বামুনীমৈদাম,গড়চুক,নাৰেংগী ,দিছপুৰ,মাছখোৱা সহ বহু বজাৰত তুলসীৰ পুলি,ধানৰ মুঠি,মাটিৰ চাকি,তামোল- পান,কুহিঁয়াৰ সহ আন আন সামগ্ৰী বিক্ৰী কৰা পৰিলক্ষিত হয়৷পুৱাৰে পৰা সামগ্ৰী সমূহ কিনাৰ বাবে ক্ৰেতাই ভীৰ কৰিছে বজাৰ ৷

উল্লেখ্য মাটি চাকি ক্ৰয় কৰিবলৈ ক্ৰেতাৰ ভীৰ দেখি মৃৎশিল্পী সকল উৎসাহিত হৈ পৰিছে ৷ একেদৰে পাঁচদিনৰ পিছত দীপাৱলীৰ প্ৰতি লক্ষ্য ৰাখি মৃৎশিল্পী সকলে বিভিন্ন ডিজাইনৰ মাটিৰ চাকি বজাৰত মুকলি কৰিছে ৷ অৱশ্যে সৰু আৰু ডাঙৰ চাকিৰ দাম পূৰ্বতকৈ কিছূ বৃদ্ধি হৈছে যদিও থলুৱা মৃৎশিল্পৰ স্বাৰ্থত গ্ৰাহক সকলে ক্ৰয় কৰিছে ৷ আনহাতে পূৰ্বতকৈ তুলসীৰ পুলি চাহিদা বৃদ্ধি পোৱাত থলুৱা বিক্ৰেতা সকল হৈ পৰিছে উৎসাহিত ৷

আনহাতে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কাতি বিহুৰ শুভেচ্ছা জনাইছে ৰাজ্যবাসীক ৷ মুখ্যমন্ত্ৰী য়ে তেওঁৰ শুভেচ্ছা বাৰ্তাত কয় , অসমৰ সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ কাতি বিহুৰ এই পৱিত্ৰ ক্ষণত অসমবাসীৰ মংগল কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে তুলসী তলৰ বন্তিগছিৰ আলোকেৰে আলোকিত হওক সকলোৰে জীৱন।

Exit mobile version