ৰাজ্যত শীৰ্ঘে নিৰ্মাণ হ’ব দুটাকৈ সেউজ বিমানবন্দৰ : পৰিবহণ মন্ত্ৰী শুক্লবৈদ্য

WhatsApp Image 2022 10 19 at 18.00.16 1

ASSAM TO GET 2 NEW GREEN AIRPORTS : পাহাৰীয়া ৰাজ্য কাৰ্বি আংলং আৰু দালুত শীৰ্ঘেই নিৰ্মাণ হ’ব দুটাকৈ নতুন সেউজ বিমানকোঠ ৷ নতুন দিল্লীত কেন্দ্ৰীয় ঘাইপথ মন্ত্ৰীৰে হোৱা এক বৈঠকৰ অন্তত ৰাজ্যৰ পৰিবহন মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই সাংবাদিকৰ আগত এইকথা প্ৰকাশ কৰে ৷ নতুন দিল্লীত ৰাজ্য সমূহৰ পৰিবহণ মন্ত্ৰীসকলৰ এক গুৰুত্বপূৰ্ণ সন্মিলনৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে বৈঠকত লোৱা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি কয় যে গুৱাহাটী আৰু উমৰাংচু দুটা ৱাটাৰ বিমান কোঠ নিৰ্মাণৰ সম্পৰ্ক আলোচনা কৰা হয় ।

আনহাতে গোলাঘাট,নগাঁও আৰু হাফলঙত হেলিপেড নিৰ্মাণ কৰা হ’ব । একেদৰে যোৰহাট , ডিব্ৰুগড়,ৰূপচী বিমানকোঠৰ লগতে গুৱাহাটীৰ বৰঝাৰস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানকোঠৰ অত্যাধুনিক সা-সুবিধাযুক্ত কৰাৰ বাবে বিভিন্ন অভিলাষী আচঁনি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰনালয়ে লোৱাৰ বিষয়েও সদৰি কৰে মন্ত্ৰী শুক্লবৈদ্যই ৷
উল্লেখ্য যে উচ্চস্তৰীয় বৈঠক খনত ভাগ লয় কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ ৰাজ্যিকমন্ত্ৰী জেনেৰেল ভি কে সিং আৰু কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ৷

Exit mobile version