Bihar : চীন, নেপাল, ইংলেণ্ডৰ দৰে কাশ্মীৰো ‘দেশ’ ! বিহাৰত পৰীক্ষাৰ প্রশ্নকাকতক লৈ হুলস্থূল

WhatsApp Image 2022 10 19 at 14.29.28

Bihar : চীন, নেপাল, ইংলেণ্ডৰ স’তে একেই শাৰীত কাশ্মীৰ ! বিহাৰৰ এখন বিদ্যালয়ত পৰীক্ষাৰ প্রশ্নকাকতক লৈ বিতর্ক আৰম্ভ হৈছে । প্ৰশ্নকাকতত কাশ্মীৰক পৃথক দেশ হিচাপে দেখুওৱা হৈছে বুলি অভিযোগ ।

বিহাৰৰ কিষাণগঞ্জৰ এখন বিদ্যালয়ত ইংৰাজী পৰীক্ষাৰ প্রশ্নকাকতত এই বিতর্কিত প্রশ্নটো দিয়া হৈছিল । সপ্তম শ্রেণীৰ পৰীক্ষাত শিক্ষাৰ্থীসকলৰ পৰা জানিব বিচৰা হৈছিল, নিম্নলিখিত দেশসমূহৰ বাসিন্দাসকলক কি বুলিক কোৱা হয় ? সেই দেশৰ নামৰ তালিকাত আছিল চীন, ইংলেণ্ড, নেপাল, ভাৰত আৰু কাশ্মীৰ । ভাৰতৰ পৰা কাশ্মীৰক পৃথক কৰি দেখুওৱা হৈছে প্রশ্নটোত । যাক লৈ বিতর্কৰ সূত্রপাত হৈছে ।

প্রশ্নটোক কেন্দ্র কৰি বিহাৰ চৰকাৰৰ সমালোচনা কৰিছে বিজেপি-য়ে । তেওঁলোকৰ অভিযোগ, নীতীশ কুমাৰ পৰিচালিত চৰকাৰে তোষণৰ ৰাজনীতি কৰিছে । স্থানীয় বিজেপি নেতা সুশান্ত গোপে কয়, ‘‘মহাগঠবন্ধনৰ তোষণৰ ৰাজনীতিক ইন্ধন যোগাবলৈ এই প্রশ্ন দিয়া হৈছে । শিশুসকলক কাশ্মীৰ আৰু ভালত পৃথককৈ দেখুওৱা হৈছে । এইট প্ৰকৃততে কোনো ভুল নহয় । এইটো প্ৰকৃততে নীতীশ কুমাৰৰ চক্রান্ত ।’’

যিখন বিদ্যালয়থ প্রশ্নকাকতক লৈ বিতর্ক হৈছে, সেই বিদ্যালয়ৰ কর্তৃপক্ষ‌ই জনাইছে, বিহাৰ এডুকেছন ব’র্ডেই প্রশ্নকাকত প্ৰস্তুত কৰিছে । সেই প্রশ্নটোত শিক্ষাৰ্থীসকলৰ পৰা জানিব বিচৰ হৈছিল, ‘কাশ্মীৰৰ বাসিন্দাসকলক কি বুলি কোৱা হয় ?’ প্রশ্নটো ছপা কৰোতে ভুল হৈছে বুলি জনাইছে বিদ্যালয়ৰ প্রধান শিক্ষকে ।

উল্লেখ্য যে, কাশ্মীৰক কেন্দ্র কৰি এই ধৰণৰ প্রশ্ন নতুন নহয় । ইয়াৰ পূৰ্বে ২০১৭ৰ এটা পৰীক্ষাতো অনুৰূপ প্রশ্ন দেখা গৈছিল । এই প্ৰসংগত অল ইণ্ডিয়া মজলিছ-এ-ইত্তেহাদুল মুছলিমিন (মিম) দলৰ নেতা ছাহিদ ৰব্বানিয়ে কয়, ‘‘যদি এইটো ভুলতে হৈছে, তেন্তে সেই ভুলৰ শীঘ্ৰে শুধৰণি কৰা প্ৰয়োজন । যদি ইচ্ছা কৰি এইটো হৈয়ে থাকে, তেন্তে তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । অৱশ্যে চৰকাৰৰ স’তে ইয়াৰ কোনো সম্পর্ক নাই । ইয়াত ৰাজনীতিক টানি ননাই ভাল ।’’

Exit mobile version