Death Hotel : ‘মৃত্যুৰ হোটেল’ । নামটো শুনিলেই গা কঁপি উঠে । প্রশ্ন উদয় হয় যে, এই হোটেলত কেৱল মৃত্যু হয় নেকি ? কোনো অপমৃত্যু নহয়, দেশৰ নানা প্রান্তৰ পৰা ইয়াত ‘নিশ্চিন্তে’ শেষ নিশ্বাস কৰিবলৈ আহে অনেকে ।
অনেকৰে অন্তিম বয়সত ইচ্ছা থাকে, যদি মৃত্যু নিশ্চিত, তেনেহ’লে ‘মৃত্যু হোটেল’-তেই যেন তেওঁৰ প্রাণ যায় । সেই ইচ্ছা পূৰণ কৰিবলৈ ব্যস্ত হৈ পৰে পৰিয়ালৰ সদস্যসকলো । এই পর্যন্ত শুনি কোনো কাল্পনিক গল্প যেন লাগিব পাৰে । কিন্তু আচৰ্যকৰ বিষয় যে, এই দেশতেই আছে এনে এখন হোটেল ।
মৃত্যুৰ স’তে যুঁজি থকা লোকসকলক এই হোটেললৈ লৈ অহা হয় । প্রচলিত বিশ্বাস মতে, এই হোটেলত মৃত্যু হ’লে মুক্তি লাভ হয় । সেই বিশ্বাসতেই শতাধিক কিলোমিটাৰ অতিক্ৰম কৰি মৃত্যুৰ স’তে যুঁজি থকা লোকসকলৰ ইচ্ছাপূৰণ কৰাৰ চেষ্টা কৰে পৰিয়ালৰ সদস্যসকলে ।
হোটেলখনৰ নাম কাশীলাভ মুক্তি ভৱন । উত্তৰ প্রদেশৰ বাৰাণসীত অৱস্থিত এই হোটেল । ইয়াত মৃত্যু হ’লে মোক্ষলাভ হয়, এই বিশ্বাসৰ বাবেই হোটেলখন ‘মুক্তি ভৱন’ নামে পৰিচিত । ১৯০৮ত এই ভৱনটো নিৰ্মাণ কৰা হৈছিল । ১৯৫৮ত ভৱনটো মৃত্যুশয্যাত থকা লোকসকলৰ সেৱা-শুশ্রূষাৰ বাবে হাস্পতালত পৰিণত কৰে উদ্যোগপতি জইদ দয়াল ডালমিয়াই । এটা দুমহলীয়া ভৱন । এই ভৱনতেই আছে ১০টা বৃহৎ কোঠা ।
মৃত্যুৰ লগত এক বিষণ্ণতা জড়িত হৈ থাকে । যিকোনো মৃত্যুৱে বেদনাদায়ক । কিন্তু মোক্ষ ভৱনত মৃত্যুক ‘উদ্যাপন’ কৰা হয় । হোটেলৰ ১০টা কোঠাৰ কোনোটোৱেই প্রায় খালি নাথাকে । হোটেলৰ ভাড়াও বেছি নহয় । প্রতি দিনে ২০ টকা । এই ২০ টকাত বিদ্যুৎবিলো সংলগ্ন হৈ আছে । বাকী ব্যয় বহন কৰে ডালমিয়া ট্রাষ্টে ।
একমাত্র মৃত্যুশয্যাত থকা বয়স্ক লোকৰ বাবে এই হোটেল । সকলো ধর্মৰ লোকৰ বাবে মুকলি এই হোটেলৰ দুৱাৰ । অৱশ্যে হোটেলখনত কোনো বুকিঙৰ ব্যৱস্থা নাই । মুক্তি ভৱন কর্তৃপক্ষৰ দাবী, কোনো ধৰণৰ অনুদানো লোৱা নহয় । এই হোটেলত থকা লোকৰ শেষকৃত্যৰ ভাৰো বহন কৰে হোটেল কর্তৃপক্ষই ।
মুক্তি ভৱনৰ মেনেজাৰ অনুৰাগ শুক্লই সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কয়, “ইয়াত মৃত্যুক বিষণ্ণতাৰ চকুৰে চোৱা নহয় । ইয়াত মৃত্যুক উদ্যাপন কৰা হয় । ইয়াত কাৰো মৃত্যু দেখি শোকাকুল পৰিৱেশৰ সৃষ্টি নহয় । কাৰণ আমি ভাবো যে, এই মৃত্যু তেওঁৰ মোক্ষলাভ ।”
শুক্লই জনায়, কোনোৰ মৃত্যুশ্বাস দেখিও চিকিৎসক, হাস্পতালৰ ব্যৱস্থা কৰা নহয় । কেৱল তেওঁৰ মৃত্যুৰ বাবে অপেক্ষা কৰা হয় । অনুৰাগ শুক্লই আৰু জনায়, মৃত্যুশয্যাত থকা প্রতিজন ব্যক্তিৰ বাবে দুসপ্তাহ আবণ্টন থাকে । এই সময়ৰ ভিতৰত মৃত্যু নহ’লে হোটেল খালি কৰিবলৈ অনুৰোধ কৰা হয় ব্যক্তিজনৰ পৰিয়ালৰ সদস্যসকলক ।
মৃত্যুশয্যাত থকা ব্যক্তিৰ স’তে তেওঁৰ পৰিয়ালৰ দুই সদস্যক মুক্তি ভৱনত থকাৰ অনুমতি দিয়া হয় । তেওঁলোকৰ খোৱা-বোৱা, বিছনা— সকলো ব্যৱস্থা কৰি দিয়ে মুক্তি ভৱন কর্তৃপক্ষই । প্রতি বছৰে এই হোটেলত তিনিশ লোক আহে । হোটেলৰ চাৰি কর্মী আৰু এজন পুৰোহিতে তেওঁলোকৰ পৰিচৰ্যা কৰে ।
কেৱল দেশে নহয়, বিদেশৰ পৰাও বহু লোক এই হোটেলত মৃত্যুৰ বাবে আহে বুলি দাবী মুক্তি ভৱনৰ মেনেজাৰৰ । তেওঁৰ দাবী, মৃত্যুশয্যাত থকা ১৫ হেজাৰৰো অধিক লোক এই হোটেলত লৈ অহা হৈছে । যাৰ ভিতৰত ৯০ শতাংশৰ মৃত্যু হৈছে । ‘মোক্ষলাভ’ হৈছে ।