DIABETES CONTROL TIPS :শীত আহিছে , ডায়েবেটিছ ৰোগীৰ এবিধ ৰক্ষাকবচ এই ফল , নিয়ন্ত্ৰণত থাকিব ৰক্তচাপ , বাঢ়িব প্ৰতিৰোধ ক্ষমতা, কমিব ষ্ট্ৰোকৰ ভয় জানক আৰু পঢ়ক –

WhatsApp Image 2022 10 19 at 13.39.21

DIABETES CONTROL TIPS : সমগ্ৰ দেশতে ডায়েবেটিছ ৰোগীৰ সংখ্যা দিনক-দিনে বাঢ়িব লাগিছে । ইয়াৰ অন্যতম কাৰণ হ’ল , মানুহৰ সুস্থ জীৱন-যাপনৰ অভাৱ । বিশেষকৈ খোৱা আৰু শুৱাৰ সময়ৰ পাৰ্থক্যৰ বাবে এই ৰোগ চাৰিওফালে বিয়পি পৰা পৰিলক্ষিত হৈছে ।

শৰীৰত যেতিয়া ইনছুলিনৰ মাত্ৰা কমি যায় আৰু শৰ্কৰাৰ পৰিমাণ বাঢ়ি যায় , তেতিয়াই এই ৰোগৰ লক্ষণে দেখা দিয়ে । তেনেসময়তে চুগাৰ নিয়ন্ত্ৰণ কৰাতো জৰুৰী হৈ পৰে । যিহেতু ডায়েবেটিছৰ ফলত মানুহৰ কিডনি , হৃদযন্ত্ৰ সকলোতে ক্ষতি হয় ।

ডায়েবেটিছ ৰোগীয়ে শৰীৰৰ চুগাৰ নিয়ন্ত্ৰণ ৰাখিবলৈ গ্লাইচেমিক জাতীয় খাদ্য খোৱাটো অত্যন্ত জৰুৰী । খাদ্য তালিকাত কেতিয়াও মিঠাজাতীয় খাদ্য সংযোগ কৰিব নালাগে ।

ডায়েবেটিছ ৰোগীয়ে প্ৰতিটো ঋতুতে খাব পৰা বতৰীয়া ফল আছে , যিবিলাক খোৱাটো খুৱেই প্ৰয়োজন । নহ’লে চুগাৰ নিয়ন্ত্ৰণ কৰি ৰখাতো সহজ নহ’ব । ডায়েবেটিছ ৰোগীয়ে শীতৰ উপলব্ধ হোৱা ফল খোৱাটো জৰুৰী । শীতৰ ফলসমূহত ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা প্ৰচুৰ পৰিমাণে আছে ।

বিশেষকৈ শীতত পোৱা এবিধ ফল মধুৰী আম ডায়েবেটিছ ৰোগীৰ কাৰণে অত্যন্ত উপকাৰী । পুষ্টি গুণেৰে ভৰপূৰ এই ফলত প্ৰ’টিন, শৰ্কৰা আৰু মেগনেছিয়াম থাকে , যি উচ্চ ৰক্তচাপৰ লগতে চুগাৰ নিয়ন্ত্ৰণ কৰে । ইয়াত থকা মেগনেছিয়ামে ভিটামিন ডি আৰু কেলচিয়াম নিয়ন্ত্ৰণ কৰাৰ লগতে হাড় মজবুত কৰে ।

মধুৰী আম হৈছে এনে এবিধ ফল যি ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰে । তেজৰ শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ ৰখাৰ লগতে ইয়াত প্ৰচুৰ ফায়বাৰ পোৱা যায় । ফাইবাৰ থকাৰ কাৰণে এই ফল ডায়েবেটিছ ৰোগীৰ কাৰণে অত্যন্ত উপকাৰী । ই মানুহৰ চৰ্বি আৰু চুগাৰৰ সামঞ্জস্য বজাই ৰখাত সহায় কৰে। মধুৰী আমে মানুহৰ দীৰ্ঘ সময় ধৰি সুস্থ কৰি ৰাখে ।

বি:দ্ৰ: ওপৰোক্ত তথ্যখিনি এক ঘৰুৱা চিকিৎসা পদ্ধতি । ব্যৱহাৰিক প্ৰয়োগৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী ।

Exit mobile version