JOURNALIST MEETS NEW SP OF TINSUKIA GAURAV ABHIJIT DILEEP : তিনিচুকীয়াৰ নতুন এছ পি গৌৰৱ অভিজিত দিলীপৰে সাংবাদিকৰ মত বিনিময়

IMG 20221019 WA0019

JOURNALIST MEETS NEW SP OF TINSUKIA GAURAV ABHIJIT DILEEP :  তিনিচুকীয়া জিলাৰ নতুন আৰক্ষী অধীক্ষকৰূপে আই পি এছ বিষয়া গৌৰৱ অভিজিত দিলীপে যোগদান কৰে । আৰক্ষী অধীক্ষকগৰাকীয়ে আজি তিনিচুকীয়াৰ সাংবাদিকসকলৰে এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে । অনুষ্ঠানত তিনিচুকীয়া জিলাৰ মূল মূল সমস্যাসমূহৰ ওপৰত আলোচনা কৰে ।

আৰক্ষী অধীক্ষক গৌৰৱে তিনিচুকীয়া জিলাৰ উত্থাপিত সমস্যাসমূহৰ ক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে । আজি সাংবাদিকসকলৰ মত বিনিময়ত জ্যেষ্ঠ সাংবাদিক ৰূপম কাকতি, ৰৌচনলাল ভৰদ্বাজ, ডঃ ঋষি দাস, ৰঞ্জীৎ দত্ত, কমল তালুকদাৰ, মনোৰঞ্জন মৰাণ, হিৰালাল শৰ্মা, কৃষ্ণ উপাধ্যায়, জিতুল দত্ত, প্ৰশান্ত খাটোৱাল,হেমন্ত শইকীয়া আদি উপস্থিত আছিল ।

ইপিনে, জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামৰ তিনিচুকীয়া জিলা সমিতিয়ে আজি নতুন আৰক্ষী অধীক্ষক গৌৰৱক গামোচা আৰু গ্ৰন্থ প্ৰদান কৰি তিনিচুকীয়া জিলালৈ আদৰণি জনায় । কাৰ্যসূচীত জিলা সাধাৰণ সম্পাদক মনোৰঞ্জন মৰাণ, ৰাজ্যিক উপ- সভাপতি ৰূপম কাকতি, সাংগঠনিক সম্পাদক ৰৌচন লাল ভৰদ্বাজ, সদস্য কৃষ্ণ নেওগ উপস্থিত আছিল ।

Exit mobile version