LOVE : প্ৰেম এক অদ্ভুত অনুভূতি । যিকোনো বসয়ত মানুহে প্ৰেম অনুভৱ কৰিব পাৰে । প্ৰেমৰ কাৰণে মানুহে অনেক কঠিন কামো সহজে কৰিব পাৰে । প্ৰেমে মানুহক যেনেকৈ গঢ় দিব পাৰে , ঠিক তেনেকৈ প্ৰেমে মানুহৰ মন ভাঙিবও পাৰে । প্ৰেমৰ উন্মাদনাৰ বাবে প্ৰেমিকে অসাধ্যও সাধন কৰিব পাৰে ।
প্ৰেমৰ সন্মুখত মৃত্যু দৰে এটা কঠিন বিষয়ও হাৰ মানিব পাৰে । প্ৰেমৰ বাবেই হয় ৰক্তপাত আৰু যুদ্ধ । ধ্বংস হয় নগৰ-চহৰ । এতিয়া প্ৰশ্ন হ’ল মানুহ কেনেকৈ প্ৰেমত পৰে ? হয়তো এই প্ৰশ্ন বহুতৰ মনত উদয় হয় !
নাৰী-পুৰুষৰ পৰস্পৰৰ প্ৰতি আকৰ্ষণেই হৈছে এটা আসক্তি । আসক্তিত থাকে পূৰ্বৰাগ আৰু পূৰ্বৰাগেই হৈছে প্ৰেমৰ প্ৰস্তুতি । প্ৰেম হ’ল কামনা । এজনৰ সৈতে আনজনৰ প্ৰতি জাগি উঠা দুৰ্বাৰ বাসনা ।
বিজ্ঞানীসকলৰ মতে , মানুহৰ মস্তিষ্কৰ চেৰাটোনিন নামৰ এটা উপাদানৰ প্ৰভাৱে নাৰী-পুৰুষৰ মাজত এক স্বভাৱজাত কামনাৰ সৃষ্টি কৰে । কামনা জাগ্ৰত হয় চেক্স হৰম’ন টেষ্টোচটেৰন আৰু ইচট্ৰোজেনেৰ মাধ্যমৰ যোগেদি । আকৰ্ষণ সৃষ্টি হয় মস্তিষ্কৰ ডোপামিন ও নোৰিপাইন আৰু আসক্তিৰ সৃষ্টি হয় অক্সিটোচিন ও ভ্যাচোপ্ৰোচিনৰ মাধ্যমৰ যোগেদি ।
প্ৰেমৰ ওপৰত বিজ্ঞানীয়ে বিজ্ঞানসন্মত তথ্য দাঙি ধৰিছে যদিও এতিয়া আমি মানুহ কেনেকৈ প্ৰেমত পৰে সেই বিষয়ে জানো আহক —
১/ সহানুভূতি লাভৰ বাবে : বিপদ-আপদৰ সময়ত কাৰোবাৰ পৰা সহানুভূতি পোৱাৰ আশাতেই বহুতেই প্ৰেমত পৰাৰ পোষকতা কৰে । যিহেতু প্ৰেমহে মানুহৰ মনৰ কথা বুজাত সহায় কৰে । প্ৰেমৰ মাজত অপাৰ সহানুভূতি থাকিলে সেই প্ৰেম স্থায়ী হয় আৰু প্ৰেমৰ মাজেদিয়েই এজন মানুহে অন্য এজন মানুহৰ কাষত সকলো সময়তে সহানুভূতি বিচাৰি যায় ।
২/ নি: সংগতা দূৰ কৰে : মানুহ কেতিয়াও অকলে জীয়াই থাকিব নোৱাৰে । প্ৰয়োজন হয় এজন সংগীৰ । অৰ্থাৎ প্ৰেমৰ মাজেদিয়েই মানুহে নিজৰ নি: সংগতা দূৰ কৰাৰ চেষ্টা কৰে । কাৰণ নি:সংগ জীৱন এক একঘেয়ামী জীৱন হৈ পৰে । কোনোদিন নতুনত্ব নথকা এই জীৱনত মানুহ কেতিয়াও সুখী হ’ব নোৱাৰে । যিটো কাৰণত মানুহে অন্য মানুহৰ সংস্পৰ্শত থাকি নিজৰ নি:সংগতা দূৰ কৰে ।
৩/ নিজকে সুন্দৰভাৱে উপস্থাপন কৰা : নিজকে সুন্দৰভাৱে উপস্থাপন কৰিবলৈ মানুহ প্ৰেমত পৰে । প্ৰেমক আকৃষ্ট কৰাৰ বাবে এজন পুৰুষ বা নাৰীয়ে নিজৰ চেহেৰাৰ এক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰে । কিছু সুন্দৰ মুহুৰ্ত কটাবলৈ নিজৰ মাজত এই পৰিৱৰ্তন আনিবলৈ উভয়ে চেষ্টা কৰে ।
৪/ সৃষ্টিশীল চিন্তাক অৰিহণা যোগায় : বহুত মানুহে সৃষ্টিশীল চিন্তাৰ বাবেই প্ৰেম কৰে । প্ৰেমে সৃষ্টিশীলতাক উদগনি যোগায় । দেখা যায় , নাৰী-পুৰুষে তেওঁলোকৰ চিন্তাৰ যোগসূত্ৰ বিচাৰি পালে প্ৰেম কৰাৰ সিদ্ধান্ত লয় । য’ত একেলগে দুয়োজনে নিজৰ সৃষ্টিশীল চিন্তাৰ প্ৰকাশ কৰে । ফলত পৰস্পৰৰ মাজত প্ৰেমৰ গভীৰতা বাঢ়ে ।
৫/ অনুভূতি প্ৰকাশ কৰে : মানুহে নিজৰ অনুভূতি সদায় আনৰ আগত প্ৰকাশ কৰিব বিচাৰে । যাৰ কাৰণে মানুহে আনৰ লগত এক সম্পৰ্ক গঢ় দিব বিচাৰে । অকলশৰীয়া মানুহে নিজৰ ক্ষোভ, দু:খ, কষ্ট পাহৰি থাকিবলৈ চেষ্টা কৰে । যাৰ বাবে মানুহে নিজৰ ক্ষুদ্ৰ গণ্ডিৰ ভিতৰত নাথাকি এট বহুল পৰিসৰত নিজৰ অনুভূতি প্ৰকাশ কৰিবলৈ চেষ্টা কৰে । প্ৰেমৰ মাধ্যমেৰে মানুহে সহজে আন এজন মানুহৰ লগত অনুভূতি প্ৰকাশ কৰিব বিচাৰে ।