MALLIKARJUN KHARGE IS NEW CONGRESS  PRESIDENT : কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ ফলাফলঃ মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ নতুন সভাপতি ৰূপে নিৰ্বাচিত

বৃহৎ ভোটৰ ব্যৱধানত পৰাস্ত শশী থাৰুৰ

WhatsApp Image 2022 10 19 at 16.58.31

MALLIKARJUN KHARGE IS NEW CONGRESS  PRESIDENT : ৮০ বছৰীয়া মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হয় । কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ ভোট গণনাৰ অন্তত খাৰ্গেই শশী থাৰুৰক  বৃহৎ ব্যৱধানত পৰাভূত কৰে। মল্লিকাৰ্জুন খাৰ্গে ৭৮৯৭ টা ভোট লাভ কৰাৰ বিপৰীতে শশী থাৰুৰে লাভ কৰে মাত্ৰ ১০৭২ টা ভোট । সভাপতি নিৰ্বাচনত মুঠ আছিল ৯৪৯৭ টা ভোট । এইবাৰ গান্ধী পৰিয়ালৰ কোনো সদস্য সভাপতি পদৰ দৌৰত  নাছিল। যোৱা ২৪ বছৰত  প্ৰথম বাৰৰ বাবে গান্ধী পৰিয়ালৰ বাহিৰৰ এজন নেতা সভাপতিৰ পদত অধিস্থিত হ’ল । ইয়াৰ পূৰ্বে সীতাৰাম য়েচুৰী সভাপতি পদত আছিল। যি গান্ধী পৰিয়ালৰ নাছিল।

খাৰ্গেৰ বিজয়ৰ পিছতে এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয় এআই চি চি মুখ্য কাৰ্যালয়ৰ বাহিৰত । খাৰ্গেৰ সমৰ্থকসকলে ঢোল বজাই বিজয় উদযাপন কৰে ৷ বিজয়ৰ পিছত শচীন পাইলট, গৌৰৱ গগৈ, তাৰিক আনোৱাৰ দৰে জ্যেষ্ঠ নেতা খাৰ্গেৰ বাসগৃহত উপস্থিত হয় ৷ একেদৰে বহু সংখ্যক শ্ৰমিক তেওঁৰ ঘৰত উপস্থিত হয়। আনহাতে খাৰ্গেৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰি পৰাজিত হোৱা শশী থাৰুৰেও খাৰ্গেক বিজয়ৰ বাবে অভিনন্দন জনায়। থাৰুৰে টুইট কৰি কয়, “এয়া অতি সন্মান আৰু মহান দায়িত্বৰ বিষয়। মই খাৰ্গেজীৰ এই কামত সফলতা কামনা কৰিছো,” ।

মল্লিকাৰ্জুন খাৰ্গেৰ ৰাজনৈতিক কেৰিয়াৰ:
মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ জ্যেষ্ঠতম নেতাসকলৰ ভিতৰত এজন। ৮০ বছৰীয়া বৰ্ষীয়ান নেতাজনে কেইবা দশক ধৰি সক্ৰিয় ৰাজনীতিত থাকি গান্ধী পৰিয়ালৰ অতি ঘনিষ্ঠ হৈ পৰে। খাৰ্গে কৰ্ণাটকৰ বিদাৰৰ পৰা আহিছে। তেওঁৰ শিক্ষাগত অৰ্হতা বি,এ আৰু এল,এল,বি ৷ পেছাত এজন অধিবক্তা আছিল। খাৰ্গে প্ৰথমবাৰৰ বাবে ১৯৬৯ ত কৰ্ণাটকৰ গুলবাৰ্গ চিটি কংগ্ৰেছৰ সভাপতি হৈছিল। ইয়াৰ পিছত তেওঁ ১৯৭২ ত প্ৰথমবাৰৰ বাবে কৰ্ণাটক বিধানসভালৈ নিৰ্বাচিত হয়। তেতিয়াৰ পৰা ২০০৯ লৈকে মুঠ নবাৰ বিধায়ক আছিল। ১৯৭৬ ত তেওঁ কৰ্ণাটকত প্ৰথমবাৰৰ বাবে কেবিনেট মন্ত্ৰী হয়। খাৰ্গেক ১৯৮৮ ত কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ-সভাপতি হিচাপে নিযুক্ত হৈছিল। ২০০৫ ত তেওঁ কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হয়। ইয়াৰ পিছত তেওঁ কংগ্ৰেছ ৰাষ্ট্ৰীয় মঞ্চৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰাৰ লগতে ৰাজ্যসভাত বিৰোধী দলপতি পদত অধিষ্ঠিত হৈ আছে ৷

Exit mobile version