Nyotaimori : নগ্ন শৰীৰৰ পৰা খাদ্য গ্ৰহণ কৰাৰ জাপানী শিল্প

WhatsApp Image 2022 10 19 at 15.56.20

Nyotaimori : বিভিন্ন দেশত খাদ্য পৰিবেশন কৰাৰ বিভিন্ন পদ্ধতি আছে । সেই পদ্ধতিৰ অধিকাংশ‌ই মূলত নির্ভৰ কৰে সেই দেশৰ ৰীতি-নীতি আৰু ঐতিহ্যৰ ওপৰত । কিছু দেশত খাদ্য পৰিবেশনৰ এনে অদ্ভুত নিয়মো আছে, যি দেখি আচৰিত লাগে ! খাদ্য পৰিবেশনৰ এনে এক অদ্ভুত নিয়ম দেখা যায় জাপানত । প্লেটত নহয়, জাপানৰ এই ঐতিহ্যমণ্ডিত নিয়মৰ বাবে খাদ্য পৰিবেশন কৰা হয় নিৰাৱৰণ মানৱদেহৰ ওপৰত ।

জাপানত এই বিশেষ উপায়ত খাদ্য পৰিবেশন কৰাৰ পদ্ধতিৰ নাম ‘ন্য’টাইম’ৰি’ বা ‘নানটাইম’ৰি’ । কেৱল ঘৰৰ চাৰি বেৰৰ ভিতৰত নহয়, ঐতিহ্যমৰ্মে নগ্ন মহিলা-পুৰুষৰ ওপৰত খাদ্য পৰিবেশন কৰা হয় জাপানৰ বিভিন্ন ৰেস্তোৰাঁটো । ন্য’টাইম’ৰি পদ্ধতিত পুৰুষ-মহিলা উভয়ৰ শৰীৰৰ ওপৰত খাদ্য পৰিবেশন কৰাৰ নিয়ম থাকিলেও অধিকাংশ ক্ষেত্রত খাদ্য পৰিবেশনৰ বাবে নিৰাৱৰণ মহিলাদেহকেই বাছি লোৱা হয় ।

জাপানত খাদ্য পৰিবেশনৰ এই অদ্ভুত ঐতিহ্য বিশ্ব বিখ্যাত । অন্যান্য দেশৰ পৰা জাপানত ভ্ৰমণ কৰিবলৈ আহি ন্য’টাইম’ৰি পদ্ধতিত খাদ্য নোখোৱা, মানুহ খুব কমেই হ’ব ।ন্য’টাইম’ৰি ৰীতি অনুযায়ী প্রথমে এগৰাকী মহিলাক খাদ্য টেবলৰ ওপৰত শোৱাই ৰখা হয় । টেবলত শয্যাগত হৈ থকাৰ সময়ত মহিলাগৰাকীৰ শৰীৰত এটা সূতা পর্যন্ত নাথাকে । সম্পূর্ণ নগ্ন মহিলাৰ ওপৰত বিভিন্ন পদ পৰিবেশন কৰা হয় ।

প্রথমে নগ্ন মহিলাগৰাকীৰ শৰীৰৰৰ ওপৰত জাপানৰ ঐতিহ্যমণ্ডিত পদ ‘ছুশি’ পৰিবেশন কৰা হয় । ইয়ৰ পাছত এটাৰ পাছত এটা অন্য পদ দি ঢাকি দিয়া হয় মহিলাগৰাকীৰ গোপনাংগ । শৰীৰৰ বাকী অংশ অৱশ্যে উন্মুক্তই থাকে । খাদ্যৰ লগতে নিৰাৱৰণ মহিলাৰ শৰীৰ ফুলেৰেও সজোৱা হয় । খাদ্য-সজ্জিত নগ্ন মহিলাগৰাকীৰ চাৰিওপাশে খাবলৈ বহে ঘৰত আমন্ত্রিত অতিথি বা ৰেস্তোৰাঁত খাবলৈ-অহা লোকে ।

ইয়াৰ পাছত নিৰাৱৰণ মহিলাৰ গোপনাংগৰ ওপৰৰ পৰাই চপষ্টিক বা কাঁটা-চামুচেৰে এটা এটাকৈ খাদ্য লৈ তৃপ্তি লয় অভ্যাগতসকলে । জাপানত ন্য’টাইম’ৰিক এটা বৃত্তি হিচাপে গণ্য কৰা হয় । যিসকলে এই কাম কৰে, তেওঁলোকে বহু সময়ত নিজৰ পৰিচয় গোপন কৰি ৰাখে বা মুখা পৰিধান কৰি এই কাম কৰে । অৱশ্যে অনেকে মুখ নঢকাকৈয়ে সম্পূর্ণ নগ্ন হৈ শোৱে খাদ্যৰ টেবলত ।

বহু পুৰুষো এই বৃত্তিৰ স’তে জড়িত । এজন বিবস্ত্র পুৰুষৰ উন্মুক্ত শৰীৰৰ ওপৰত খাদ্য পৰিবেশন কৰাৰ পদ্ধতি পৰিচিত ‘নানটাইম’ৰি’ নামে । ন্য’টাইম’ৰি বা নানটাইম’ৰিক জীৱিকা হিচাপে বাছি লোৱা মহিলা আৰু পুৰুষে একাধিক নিয়ম মানি চলিবলগীয়া হয় । খাবলৈ অহা লোকসকলেও নিয়ম মানি চলিবলগীয়া হয় । নিয়ম অনুযায়ী, খোৱাৰ সময়ত কোনো অতিথিয়ে উন্মুক্ত হৈ শোই থকা পুৰুষ-মহিলাৰ স’তে কথা পাতিব নোৱাৰিব বা তেওঁলোকক স্পৰ্শ কৰিব নোৱাৰিব । লগতে টেবলৰ ওপৰত শয্যাগত পুৰুষ আৰু

 

মহিলাসকলৰো অতিথিসকলৰ স’তে কথা পতাৰ অনুমতি নাথাকে । জাপানত এই অদ্ভূত ঐতিহ্যক শিল্পৰ মর্যাদা দিয়া হৈছে । কিন্তু বহু দেশতেই এই নিয়ম নিষিদ্ধ কৰা হৈছে । চীন, হংকং, ব্রিটেইন, আফ্রিকাসহ একাধিক দেশত এই প্রথাক ‘নিষ্ঠুৰ, অপমানজনক আৰু অনৈতিক’ বুলি বিবেচনা কৰা হয় ।

Exit mobile version