PIJUSH HAZARIKA TO VISIT KAMALPUR :বৰ্তমানৰ কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে দায়বদ্ধতাৰে কাম কৰি আছেঃ মন্ত্ৰী পীযুষ হাজৰীকা

WhatsApp Image 2022 10 19 at 18.25.07 1

PIJUSH HAZARIKA TO VISIT KAMALPUR : অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অধীনস্থ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ অসমৰ সৌজন্যত “চেতনা” আঁচনিৰ অধীনত কমলপুৰ মিনি ষ্টেডিয়ামত আজি আয়োজিত জ্যেষ্ঠ নাগৰিকৰ বাবে সজাগতা সভাত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে |

অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেন্দ্ৰীয় আৰু ৰাজ্য দুয়োখন চৰকাৰেই সমাজৰ জ্যেষ্ঠ নাগৰিকসকলৰ প্ৰতি দায়বদ্ধতাৰে কাম কৰি আছে | সন্তানৰ বাবে পিতৃ মাতৃ সাক্ষাত ভগৱানস্বৰূপ বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পিতৃ-মাতৃক অসন্মান কৰাৰ দৰে আন পাপ থাকিব নোৱাৰে | আনহাতে এগৰাকী মাতৃয়ে প্ৰায় দহ মাহ গৰ্ভধাৰণ কৰি সন্তান জন্ম দিয়াৰ পাছত জ্যেষ্ঠ বয়সত সন্তানৰ দ্বাৰা অৱহেলিত হোৱাটো অতি দুৰ্ভাগ্যজনক | সমাজৰ যুৱ প্ৰজন্মৰ সকলোকে মন্ত্ৰী হাজৰীকাই ভাষণ প্ৰসংগত নিজ নিজ পিতৃ-মাতৃ অথবা শহুৰ শাহুক বৃদ্ধাৱস্থাত ভালদৰে আলপৈচান ধৰিবলৈ আহ্বান জনায় |

ভাষণ প্ৰসংগত মন্ত্ৰী হাজৰীকাই আৰু কয় যে অসম চৰকাৰে বিগত প্ৰায় ছয় বছৰমানৰ ভিতৰত বৃদ্ধ আৰু বিধৱাসকলৰ বাবে সহায় হোৱাকৈ সাৰ্বজনীন পেঞ্চনৰ ব্যৱস্থা কৰিছে | শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আৰু ইণ্ডিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চনৰ জড়িয়তে ৰাজ্য চৰকাৰে সকলোকে আৰ্থিক সহযোগিতা কৰাৰ প্ৰয়াস কৰিছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে | তাৰোপৰি ৰাজ্য চৰকাৰৰ অটল অমৃত অভিযান আৰু কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ্মান ভাৰত আঁচনিৰ জড়িয়তেও জ্যেষ্ঠ নাগৰিকসকলৰ বাবে স্বাস্থ্যবীমাৰ ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে |

আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে সাংসদ দিলীপ শইকীয়া, বিধায়কদ্বয় ভৱেশ কলিতা আৰু দিগন্ত কলিতা, জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ অসমৰ অধ্যক্ষ ড০ প্ৰদীপ ঠাকুৰীয়া, উপাধ্যক্ষ অশোক বৰঠাকুৰ, সদৌ অসম জ্যেষ্ঠ নাগৰিক সন্থাৰ সাধাৰণ সম্পাদক বাণেশ্বৰ খাউণ্ড আৰু বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত আছিল |

Exit mobile version