Bhopal : নাই এম্বুলেন্স ! কান্ধত চাৰি বছৰীয়া ভতিজাৰ নিথৰ দেহ লৈ খোজকাঢ়ি ঘৰমুৱা খুৰাক

WhatsApp Image 2022 10 20 at 17.50.40

Bhopal : চাদৰেৰে মূৰৰ পৰা ভৰিলৈকে ঢকা এটি শিশু । শিশুটিক কোলাত লৈ খৰখেদাকৈ খোজকাঢ়ি গৈছে এজন লোক । ক্লান্ত মুখ । বিষণ্ণতাৰ ছাপ স্পষ্ট । মূৰৰ পৰা ভৰিলৈ ঢকা এটি শিশুক কোলাত লৈ খোজকাঢ়ি যোৱা দেখি কৌতূহলী কিছুসংখ্যকে তেওঁক প্রশ্ন কৰিছিল— “দাদা, এনেদৰে খৰখেদাকৈ কিয় খোজকাঢ়িছে ? কোলাত থকা শিশুটি অসুস্থ নেকি ?”

লোকজনৰ উত্তৰ শুনি সকলো স্তম্ভিত হৈ যায় । লোকজনে কয়, কোলাত থকা শিশুটি তেওঁৰ ভতিজা । বয়স চাৰি বছৰ । অসুস্থ নহয়, মৃত্যু হৈছে তাৰ । তেওঁ আৰু কয় যে, এটা দুর্ঘটনাত মৃত্যু হৈছিল ভতিজাৰ । হাস্পাতালত মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ গৈছিল ।

তেওঁ দুখীয়া পৰিয়ালৰ । বেচৰকাৰী এম্বুলেন্স ভাড়া কৰিবলৈ টকা নাই । হাস্পাতালৰ পৰাও এম্বুলেন্স পোৱা নাই বুলি দাবী কৰে লোকজনে । ইয়াৰ উপৰি, হাস্পাতালত যেতিয়া দিশহাৰা হৈ ঘূৰি আছিল, কোনেও সাহায্যৰ বাবে আগবাঢ়ি নাহিল বুলি অভিযোগ । সেয়ে উপায় নাপায় ভতিজাৰ নিথৰ দেহ কোলাত লৈ ঘৰলৈ বুলি ৰাওনা হৈছিল ।

কিছু দূৰ খোজকঢ়াৰ পাছত বাছ আস্থান পায় । কিন্তু বাছত যাবলৈও ভাড়া নাছিল তেওঁৰ তাত । তেতিয়া বাছযাত্রীৰে এজনে বাছত যোৱাৰ ভাড়া দিয়ে । তাৰ পাছত বাছতেই ভতিজাৰ নিথৰ দেহ ঘৰলৈ লৈ যায় লোকজনে । ঘটনাটো মধ্যপ্রদেশৰ ছতৰপুৰ জিলাৰ ।

Exit mobile version