Bribery : ডিব্ৰুগড় ডিটিঅ’ কাৰ্য্যালয়ত উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা দিতিমণিৰ বাসগৃহত জব্দ ন লাখ টকা

WhatsApp Image 2022 10 20 at 14.23.20

ডিব্ৰুগড়ত পৰিবহণ বিষয়া কাৰ্যালয়ত সাতশ টকা ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰা নিম্নবৰ্গ সহায়ক দিতিমণি গগৈৰ ডিব্ৰুগড়ৰ ফ্লেটত অভিযান চলাই জব্দ কৰে ন লাখ ৩০ হেজাৰ টকা ৷

ADVERTISEMENT

উৎকোচ কাণ্ডত দিতিমণি গগৈৰ স’তে গ্ৰেপ্তাৰ হোৱা দালাল পংকজ শইকীয়াৰ টেঙাখাতৰ বাসগৃহৰ পৰা দুৰ্নীতি নিবাৰকৰ বিষয়াই তালাচী চলাই বহু পৰিমাণৰ ড্ৰাইভিং লাইচেঞ্চ জব্দ কৰে ৷

ইতিমধ্যে ধৃত দুয়োকে অধিক জেৰাৰ বাবে গুৱাহাটীলৈ অনা হয়  ৷

উল্লেখ্য যে দিতিমণিৰ বাসগৃহত অভিযানৰ সময়ত তেওঁৰ পুত্ৰই অভিযানকাৰী দলক বহু সময় ধৰি বাধাপ্ৰদান কৰে যদিও পাছত আৰক্ষীয়ে তালাচী চলায় ।

Exit mobile version