COMPLAINT FILLED AGAINST PRIVATE SATELLITE CHANNELS BY TARANGA GOGOI :ব্যক্তিগত চেটেলাইট চেনেলৰ বিৰুদ্ধে গোচৰ ৰুজু তৰংগ গগৈৰ

WhatsApp Image 2022 10 20 at 18.27.00

COMPLAINT FILLED AGAINST PRIVATE SATELLITE CHANNELS BY MLA TARANGA GOGOI : মিছা বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে অসমৰ এটা ব্যক্তিগত চেটেলাইট চেনেলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে ।

উল্লেখযোগ্য যে আসাম টকছ নামৰ এটা ব্যক্তিগত চেটেলাইট চেনেলে যোৱা ১৮ অক্টোবৰৰ দিনা নাহৰকটীয়াৰ চাচনীৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়ৰ দূৰৱস্থাৰ বাতৰি সম্প্ৰচাৰ কৰি ৪০ লাখ টকা বিধায়ক তৰংগ গগৈৰ সমৰ্থকে আত্মসাৎ কৰা বুলি এক ভুৱা বাতৰি সম্প্ৰচাৰন কৰিছিল আৰু তাৰ পিছতেই আজি বিধায়ক গৰাকীয়ে নাহৰকটীয়া থানাত উপস্থিত হৈ চেনেলটোৰ এডিটৰ অনিমেশ নাথ,মন্টু কুমাৰ শইকীয়া,জিএম মিঠুমুগ্ধ গোহাঁই আৰু স্থানীয় সংবাদদাতা মাইনু খনিকৰৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে।

সংবাদ মাধ্যমৰ আগত বিধায়ক গৰাকীয়ে তেওঁক অযথা বিতৰ্কত টানি আনি চেনেলটোৱে মিছা বাতৰি সম্প্ৰচাৰ কৰা বুলি উল্লেখ কৰি বিধায়কগৰাকীৰ কাৰ্যকালত চিকিৎসালয়খনলৈ কোনোধৰণৰ পুঁজি আৱন্টন দিয়া হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে।মিছা বাতৰি সম্প্ৰচাৰ কৰি বিধায়কগৰাকীৰ ভাবমূৰ্তি নষ্ট কৰাৰ লগতে একপক্ষীয় ভাবে বাতৰি সম্প্ৰচাৰন কৰাৰ বাবে বিধায়ক গৰাকীয়ে নাহৰকটীয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰা লগতে আইনী জাননী প্ৰেৰণ কৰি মানহানি গোচৰো তৰিব বুলি জানিবলৈ দিয়ে।

Exit mobile version