কর্মব্যস্ত জীৱনত ভাগৰি পৰিলেও আমি শৰীৰক গুৰুত্ব নিদো । তেতিয়া এই ভাবনাই আহে যে, প্রচুৰ কামৰ বাবে শৰীৰ ক্লান্ত হৈ পৰিছে । বিশ্রাম কৰিলেই পুনৰ সতেজ হৈ যাব । কিন্তু সমস্যাটো গভীৰহে হ’ব পাৰে । পুৰুষ-মহিলা উভয়ৰে তেজত আয়ৰনৰ নাটনি এতিয়া ডাঙৰ সমস্যা হৈ পৰিছে । তেজত আয়ৰনৰ অভাৱে সৃষ্টি কৰিব পাৰে নানা জটিলতা ।
কোনবোৰ লক্ষণ দেখিলেই সতর্ক হ’ব ?
শাৰীৰিক ক্লান্তিৰ উপৰিও শৰীৰত আয়ৰনৰ নাটনিৰ নানা লক্ষণ আছে । পুৱা শোৱাৰ পৰা উঠাৰ পাছত শৰীৰ ক্লান্ত লাগে । চকু শেতা পৰি থাকে । কোষত অক্সিজেনৰ নাটনিৰ বাবে অলপতেই ফোপনি ধৰা । লগতে আছে মূৰৰ বিষৰ দৰে নান সমস্যা । ছালৰ উজ্জ্বলতা হ্ৰাস । এই ধৰণৰ লক্ষণবোৰে কম-বেছি পৰিমাণে শৰীৰত নিয়মিত দেখা দিলে বুজিব, এয়া কর্মব্যস্ততাৰ ক্লান্তি নহয় । তেতিয়া চিকিৎসকৰ পৰামর্শমৰ্মে কৰাব লাগিব হিম’গ্ল’বিন পৰীক্ষা । তেতিয়া ধৰা পৰিব ৰক্ত অল্পতা আৰু আয়ৰনৰ নাটনিৰ প্রমাণ ।
তেজত আয়ৰনৰ মাত্রা বৃদ্ধি কৰিবলৈ প্রথমেই প্ৰয়োজন এনেধৰণৰ খাদ্য, য’ত প্রচুৰ পৰিমাণে আয়ৰন থাকে । খাদ্যত প্রাপ্ত আয়ৰন দুই ধৰণৰ— হিম আয়ৰন আৰু নন-হিম আয়ৰন । হিম আয়ৰন পোৱা যায় মাছ, মাংস, কণীত । এই ধৰণৰ আয়ৰনৰ প্রায় শতকৰা ৪০ শতাংশ প্ৰত্যক্ষভাৱে শৰীৰে শোষণ কৰিব পাৰে । নন-হিম আয়ৰন পোৱা যায় উদ্ভিদজাতীয় খাদ্যৰ পৰা ।
অৱশ্যে সকলো আয়ৰন শৰীৰে শোষণ কৰিব নোৱাৰে । সেয়ে আয়ৰন-সমৃদ্ধ খাদ্য খোৱাৰ লগতে খেয়াল ৰাখিব লাগিব, যাতে শৰীৰে শোষণ কৰিব পাৰে । যেনে ভাতৰ লগত শাক ভজা খোৱাৰ সময়ত দুই ফোটা নেমুৰ ৰস দিব পাৰে । ফৰত আয়ৰনৰ শোষণ শৰীৰত ভাল হ’ব ।
পালঙৰ দৰে শাক, ব্রক’লি, দালি, বিন, বাদাম, ডালিম, নানা ধৰণৰ বীজ, ব্রাউন ৰাইচ, হ’ল হুইট খাব পাৰে । আকৌ ভিটামিন এ আৰু চি-সমৃদ্ধ খাদ্য তালিকাত ৰাখিলে ই শৰীৰক আয়ৰন শোষণ কৰিবলৈ সহায় কৰে ।
শৰীৰত আয়ৰনৰ নাটনি পূৰণ কৰিবলৈ অনেকে আকৌ চিকিৎসকৰ পৰামর্শৰ অবিহনেই আয়ৰন ছাপ্লিমেন্ট খায় । এই ধৰণৰ ছাপ্লিমেন্টৰ পৰা পেটৰ বিষ, পেট বেয়া হোৱাৰ দৰে একাধিক পার্শ্বপ্রতিক্রিয়া হ’ব পাৰে । সেয়ে চিকিৎসকৰ পৰামর্শ নোহোৱাকৈ খালে হিতে বিপৰীত হ’ব পাৰে ।