Rajnath Singh : আগন্তুক তিনি বছৰত কিমান কোটি টকাৰ অস্ত্র উৎপাদন কৰিব ভাৰতে, জনালে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে

WhatsApp Image 2022 10 20 at 15.25.45

Rajnath Singh :  আমদানি নহয়, উৎপাদন । প্রধানমন্ত্রী পদত অধিষ্ঠিত হোৱাৰ কিছু বছৰ পাছতেই অস্ত্র আৰু সামৰিক সৰঞ্জামৰ সংস্থানত ভাৰতৰ পুৰণি নীতি পৰিৱৰ্তন কৰাৰ কথা কৈছিল নৰেন্দ্র মোদীয়ে । প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীৰ ৰাজ্য গুজৰাটত গৈ জনায়, ২০২৫ৰ ভিতৰত বার্ষিক ২,২০০ কোটি ডলাৰ (প্রায় এক লাখ ৮৩ হেজাৰ কোটি টকা) মূল্যৰ অস্ত্র আৰু সামৰিক সৰঞ্জাম উৎপাদনৰ লক্ষ্যমাত্রা স্থিৰ কৰা হৈছে ।

গান্ধীনগৰত ‘ডিফেন্স এক্সপ’ কাৰ্যসূচীত প্রতিৰক্ষা ক্ষেত্রত বিনিয়োগৰ সম্ভাৱনা সংক্রান্ত এটা আলোচনাত প্ৰতিৰক্ষামন্ত্ৰী সিঙে কয়, ‘‘কেৱল বৃহৎ কর্প’ৰেট সংস্থাই নহয়, ক্ষুদ্র আৰু মজলীয়া প্রতিষ্ঠান আনকি, ষ্টার্ট আপ সংস্থায়ো প্রতিৰক্ষা উৎপাদনত অংশ লৈছে । এতিয়া আমি ১,২০০ কোটি ডলাৰৰ (প্রায় এক লাখ কোটি টকা) অস্ত্র আৰু প্রতিৰক্ষা সৰঞ্জাম উৎপাদন কৰো । ২০২৫ত ২,২০০ কোটি ডলাৰ হ’ব বুলি আমি আশাবাদী ।’’ ‘ডিফেন্স এক্সপ’ কাৰ্যসূচীৰ উদ্বোধনত উপস্থিত আছিল প্ৰধানমন্ত্ৰী মোদীও ।

প্রতিৰক্ষা মন্ত্রণালয়ে দিয়া সাম্প্রতিক তথ্য অনুযায়ী, সামৰিক ক্ষেত্রত প্ৰধানমন্ত্ৰী মোদীৰ ‘আত্মনির্ভৰ ভাৰত’ গঢ়ি তোলাৰ শ্ল’গান প্রত্যাশাৰো অধিক সফলতা পাইছে । ২০২১-২২ বিত্তবর্ষত অস্ত্র আৰু সামৰিক সৰঞ্জামৰ বাবে বাজেট আবণ্টনৰ মুঠ ৬৪ শতাংশ অভ্যন্তৰীণ উৎপাদন ক্ষেত্রত ব্যয়ৰ লক্ষ্যমাত্রা ধার্য কৰা হৈছিল । কিন্তু ব্যয় হৈছে ৬৫.৫ শতাংশ । সেই বিত্তবর্ষত অস্ত্র আৰু সামৰিক সৰঞ্জামৰ বাবে আবণ্টন দিয় ৯৯.৫ শতাংশ ব্যয় কৰা সম্ভৱ হৈছে বুলি জনাইছে ৰাজনাথ সিঙৰ মন্ত্রণালয়ে ।

প্ৰধানমন্ত্ৰী মোদীৰ শাসনকালত ২০১৪ৰ পৰা চলিত আর্থিক বছৰৰ ভিতৰত প্রায় অস্ত্র আৰু প্রতিৰক্ষা সৰঞ্জাম ৰপ্তানি প্রায় ছয় গুণ বাঢ়িছে বুলিও সম্প্রতি এটা চৰকাৰী প্ৰতিবেদনত জনোৱা হৈছে ।

Exit mobile version