Delhi Ahmedabad worlds most unsustainable megacities : ৫০ বছৰৰ ভিতৰত খাদ্য, জল সংকটত ‘অস্থিৰ’ হ’ব দিল্লী, আহমেদাবাদ, দাবী প্ৰতিবেদনত

Water Crisis in Delhi : সৰ্বাধিক কঠিন পৰিস্থিতিৰ সৃষ্টি হ'ব, আফ্রিকাৰ (Africa) ছাহাৰা মৰুভূমি সংলগ্ন অঞ্চলবোৰত । তাৰ পাছতেই থাকিব দক্ষিণ-পূৱ এছিয়াৰ চহৰবোৰ

WhatsApp Image 2022 10 21 at 16.26.32

An evening in Delhi

Delhi Ahmedabad worlds most unsustainable megacities :

Climate Change বিভিন্ন প্ৰতিবেদনত দাবী কৰা হৈছে, আগন্তুক ৫০ বছৰৰ ভিতৰতেই বিশ্বৰ প্রায় এক কোটি লোকে গাঁও বা বস্তি এৰি বৃহৎ চহৰত বসতি স্থাপন কৰাৰ সম্ভাৱনা । তাৰ বাবে এই সময়ৰ ভিতৰত বিশ্বৰ নানা প্রান্তত ১৪খন বৃহৎ চহৰ নিৰ্মাণ কৰাৰ প্রয়োজনীয়তা দেখা দিব পাৰে । কিন্তু এই নতুন নগৰায়নৰ ফলত খাদ্য আৰু জলসংকট আৰু বাঢ়িব বুলি দাবী কৰা হ’ল এটা প্ৰতিবেদনত ।

Delhi slum area

মূলতঃ অর্থনীতি আৰু শান্তিস্থাপন সংক্রান্ত বিষয়ত কাম কৰা এটা সংস্থাৰ তৰফৰ পৰা প্রকাশিত সেই প্ৰতিবেদনত কোৱা হৈছে, দক্ষিণ-পূৱ এছিয়াৰ বিভিন্ন চহৰত জনসংখ্যা প্রায় ৫০ শতাংশ বৃদ্ধি পাব । ইয়াৰ ফলত চহৰবোৰে সুস্থ জীৱনযাপন কৰিবৰ বাবে প্রয়োজনীয় সামগ্ৰীবোৰৰ পৰা বঞ্চিত হ’ব ।

খাদ্য আৰু পানীৰ জোগান, অপৰাধৰ হাৰসহ মুঠ পাঁচটা মানদণ্ডত ‘অস্থিৰ’ চহৰবোৰৰ ভৱিষ্যৎ অৱস্থা পর্যালোচনা কৰিছূ সমীক্ষক সংস্থাই । চহৰবোৰৰ তালিকাত আছে বাংলাদেশৰ ৰাজধানী ঢাকা, পাকিস্তানৰ লাহোৰ, ভাৰতৰ দিল্লী, কলকাতা আৰু আহমেদাবাদ ।

India-hunger-child

প্ৰতিবেদনত এইটোও কোৱা হৈছে, সৰ্বাধিক কঠিন পৰিস্থিতিৰ সৃষ্টি হ’ব, আফ্রিকাৰ (Africa) ছাহাৰা মৰুভূমি সংলগ্ন অঞ্চলবোৰত । তাৰ পাছতেই থাকিব দক্ষিণ-পূৱ এছিয়াৰ চহৰবোৰ । তাৰ কাৰণো ব্যাখা কৰিছে সমীক্ষক সংস্থাটোৱে ।

তেওঁলোকৰ তৰফৰ পৰা ষ্টিভ কিলিলিয়াই কয়, আগন্তুক ৫০ বছৰত নগৰায়ন, চহৰৰ জনসংখ্যা বৃদ্ধিৰ ফলত সমগ্ৰ বিশ্ব মাৰাত্মক ক্ষতিগ্রস্ত হ’ব । অৱশ্যে সৰ্বাধিক ক্ষতিগ্রস্ত হ’ব এই দুই অঞ্চল ।

pollution-India-Climate change

ষ্টিভৰ মতে, বিশ্বৰ এই চহৰসমূহত মূলতঃ স্বল্প উপার্জনৰ মানুহে বাস কৰে । সেয়ে পৰিৱর্তিত জলবায়ুৰ স’তে যুঁজিবৰ বাবে আর্থিক আৰু সামাজিক যি সমলৰ প্রয়োজন, সেয়া জোগাৰ কৰিবলৈ সক্ষম নহ’ব এই চহৰৰ বাসিন্দাসকল । ফলত এই চহৰবোৰত খাদ্য সংকট, অপৰাধৰ হাৰ, সামাজিক বৈষম্য বাঢ়িব বুলি তেওঁ দাবী কৰিছে ।

প্ৰতিবেদনত সৰ্বাধিক ‘অস্থিৰ’ আৰু ‘ভাৰসাম্যহীন’ চহৰ বুলি কোৱা হৈছে কংগোৰ কিনছাছাক । তালিকাৰ শীৰ্ষত আছে কেনিয়াৰ ৰাজধানী নাইৰ’বি নাইজেৰিয়াৰ লাগোছ । এই চহৰবোৰত অর্ধ শতকৰ ভিতৰত জনসংখ্যাৰ হাৰ ৮০ শতাংশৰো অধিক হ’ব বুলি দাবী কৰা হৈছে ।

অৱশ্যে প্রাকৃতিক সম্পদেৰে পৰিপূৰ্ণ আফ্রিকাৰ দেশসমূহ কিছু ক্ষেত্রত পৰিৱর্তিত জলবায়ুৰ স’তে যুঁজ দিব পাৰে বুলি আশাবাদী । অৱশ্যে কলকাতাৰ দৰে দক্ষিণ-পূৱ এছিয়াৰ চহৰবোৰক লৈ ‘উদ্বেগ’ প্রকাশ কৰা হৈছে এই প্ৰতিবেদনত ।

Exit mobile version