Potential Health Benefits of Aloe Vera : জনবিশ্বাস’ আপোনাৰ ঘৰত থকা এল’ভেৰা জোপাই কিহৰ ইংগিত দিয়ে ? জানক আৰু পঢ়ক

WhatsApp Image 2022 10 21 at 14.19.33

aloe vera benefits

Potential Health Benefits of Aloe Vera :

কংক্ৰিটৰ পৃথিৱীত গছৰ প্ৰয়োজনীয়তা সকলোৱেই বুজি উঠিছে । বিগত দুটা বছৰত ক’ভিডৰ দৰে অতিমাৰীত বিশ্বৰ বিভিন্ন দেশত লাখ-লাখ লোকৰ মৃত্যু হৈছে । অক্সিজেনৰ অভাৱতেই পৃথিৱীৰ পৰা এই সকল লোকে বিদায় মাগিছিল । যিহেতু অক্সিজেন আমাক গছে দিয়ে । গছে এৰি দিয়া নিশ্বাসে অৰ্থাৎ অক্সিজেনে আমাক জীৱনদায়িনী শক্তি দিয়ে । বৰ্তমান অসমতাপূৰ্ণ প্ৰাকৃতিক পৰিবেশত চিন্তিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীৰ লগতে বিশেষজ্ঞসকল ।

ভাৰসাম্যহীন প্ৰাকৃতিক পৰিবেশত জীৱন ধাৰণ কৰাটো একপ্ৰকাৰ জটিল হৈ পৰিছে । তেনেক্ষেত্ৰত বৃক্ষ ৰোপণৰ বাবে পৰিবেশকৰ্মীসকলে সকলোকে আহ্বান জনাইছে । এই বৃক্ষৰোপণ কাৰ্যসূচীৰ বাবে বিশেষজ্ঞসকলে কিছু গছৰ তালিকা প্ৰকাশ কৰিছে । তাৰে ভিতৰত এজোপা গছ হৈছে ‘এল’ভেৰা’ ।এইক্ষেত্ৰত বাস্তু বিশেষজ্ঞসকলে কৈছে যে, এল’ভেৰা গছে প্ৰচুৰ পৰিমাণে অক্সিজেন দিয়ে ।

কিন্তু বাস্তুশাস্ত্ৰই যিকোনো স্থানত এই গছ ৰুৱলৈ বাধা দিছে । অৰ্থাৎ যিকোনো স্থানত এই গছ ৰুলে হিতে বিপৰীতহে হোৱাৰ সম্ভাৱনা আছে ।

planting aloe vera

বাস্তু বিশেষজ্ঞৰ মতে এই গছ ৰুৱাৰ নিয়ম –

 বাস্তু বিশেষজ্ঞসকলে কৈছে , সদায় পৰিষ্কাৰ ঠাইত এই গছ ৰোপণ কৰিব লাগে । অপৰিষ্কাৰ ঠাইত এই গছ ৰুলে মহা বিপদ অহাৰ সম্ভাৱনা আছে ।

 ঘৰৰ ভিতৰত এই গছ ৰোপণ কৰিব লাগে । এটা সৰু পাত্ৰত এজোপা এল’ভেৰা গছ ৰুলে নিজৰ মনটো ভাল লগাৰ লগতে ঘৰৰ ভিতৰত অক্সিজেন সঠিক পৰিমাণত থাকিব । যাৰ ফলত ঘৰখনত এক যোগাত্মক শক্তি তৈয়াৰ হ’ব ।

 বাস্তু বিশেসজ্ঞসকলে কৈছে যে, যদি প্ৰৱেশদ্বাৰৰ সন্মুখত এল’ভেৰা গছ ৰোপণ কৰে , তেন্তে সমস্ত যোগাত্মক শক্তি আপোনাৰ ঘৰত প্ৰৱেশ কৰিব আৰু বিয়োগাত্মক শক্তি ঘৰৰ পৰা আতৰি যাব ।

 আপুনি যদি আপোনাৰ ঘৰৰ উত্তৰ-পূৱ দিশত এল’ভেৰা গছ ৰোৱে , তেন্তে আপোনাৰ জীৱনত সাংঘাটিক ভাল প্ৰভাৱ পৰিব । সলনি হৈ পৰিব আপোনাৰ জীৱন । সুখ- সমৃদ্ধিয়ে আপোনাৰ ঘৰত লগ ল’ব ।

উল্লেখযোগ্য কথা যে, এই গছত বেছি যত্ন কৰাৰো প্ৰয়োজন নাই । পাতল ৰদ পৰা ঠাইত থৈ আৰু মাজে-মাজে সামান্য পানী দিলেই ই খুব সুন্দৰকৈ বাঢ়ি যায় ।

বি:দ্ৰ: বাস্তুবিদৰ পৰামৰ্শৰ ভিত্তিতে এই প্ৰতিবেদন লিখা হৈছে । ব্যক্তিবিশেষে ইয়াৰ ফল ভিন্ন হ’ব পাৰে ।

Exit mobile version