Fruit : আপুনি বজাৰৰ পৰা কিনি অনা ফলৰ গাত কিয় ষ্টিকাৰ লগাই দিয়া হয় ?

WhatsApp Image 2022 10 22 at 14.53.44

Fruit :

বিভিন্ন সময়ত বজাৰৰ পৰা ফল কিনোতে দেখা যায় যে, ফলসমূহৰ গাত সৰু-সৰু ষ্টিকাৰ থাকে । বহুতেই ভাবে , এই ষ্টিকাৰসমূহ ফলটোৰ গুণগত মানৰ পৰিচায়ক । আকৌ বহুতে এই ফলসমূহ বিদেশৰ পৰা আমদানি কৰা বুলিও ধাৰণা কৰে । কিন্তু ইয়াৰ সত্যটো বেলেগ ।

‘ফুড চেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অৱ ইণ্ডিয়া ‘ চমুকৈ ‘এফএচএচঅআই‘ – এ কৈছে যে, পৃথিৱীৰ বিভিন্ন দেশে এই ধৰণৰ ষ্টিকাৰ ফলটোৰ গুণগত মান , দাম বা কি ধৰণৰ প্ৰক্ৰিয়াৰে ফলটো উৎপাদন কৰিছে , বুজাবলৈ ব্যৱহাৰ কৰে । কিন্তু ভাৰতত এইক্ষেত্ৰত কোনো নিয়ম নাই । বৰং ফলটোৰ কোনো খুত থাকিলে ঢাকিবলৈ বা অন্য ফলতকৈ ভাল বুজাবলৈ এই ধৰণৰ ষ্টিকাৰ ব্যৱহাৰ কৰে ।

এটা কথা মন কৰিব যে , বিভিন্ন সময়ত ভাৰতত এই ধৰণৰ ষ্টিকাৰ লগাই গ্ৰাহকক অধিক দামত বিক্ৰী কৰাও দেখা যায় । কেৱল ভাৰততে নহয় সমান্তৰালকৈ এই ষ্টিকাৰ ব্য়ৱহাৰ কৰি অন্যান্য দেশতো উপভোক্তাক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰে ।

গতিকে ফলৰ ওপৰত ষ্টিকাৰ দেখি , সেই ফল ভাল বুলি ভবাৰ কোনো থল নাই বুলি উল্লেখ কৰিছে বিশেষজ্ঞসকলে । বিপৰীতে ষ্টিকাৰ থকা ফলৰ ওপৰত অধিক ধ্যান দিবলৈহে বিশেষজ্ঞসকলে পৰামৰ্শ আগবঢ়াইছে । ইয়াৰোপৰি এই ধৰণৰ ষ্টিকাৰ থকা ফলত লাগি থকা আঠা স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰকহে হ’ব পাৰে ।

কিন্তু , পৃথিৱীৰ সকলো দেশৰ ক্ষেত্ৰত এইকথা প্ৰযোজ্য নহয় । আপুনি ধ্যান দিব যে , ফলটোৰ ওপৰত যদি চাৰিটা সংখ্যাৰ কোনো কোড থাকে , তেন্তে আপুনি জানিব যে এই ফলটো সাধাৰণ সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰি উৎপাদন কৰা হৈছে ।

আকৌ কোডটো পাঁচটা সংখ্যাৰ হ’লে আৰু কোডৰ প্ৰথম সংখ্যাটো আঠ হ’লে তাৰ অৰ্থ হয় –ফলটো ‘জেনেটিকেলি মডিফায়ড ‘ বা জিনগত পৰিৱৰ্তনৰ মাধ্যমে উৎপাদন কৰিছে । একেদৰে পাঁচ সংখ্যাৰ কোডটো যদি ন সংখ্যাৰে আৰম্ভ হৈছে , তেন্তে তাৰ অৰ্থ হ’ব , এই ফলটো সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা হৈছে ।

Exit mobile version