Relation : “সম্বন্ধ” সম্বন্ধ গঢ়াৰ ক্ষেত্ৰত পুৰুষে নাৰীৰ কোন কেইটা বিষয়ত ধ্যান দিয়ে ?

WhatsApp Image 2022 10 22 at 14.06.46

Relation :

প্ৰেমৰ সম্পৰ্কই হওক বা বৈবাহিক সম্পৰ্কই হওক , কোনো সম্পৰ্ক গঢ়ি উঠাৰ পূৰ্বে এজন পুৰুষে এগৰাকী নাৰীক মুখামুখিকৈ লগ পাবলৈ ইচ্ছা কৰে । যিটো স্বাভাৱিক । যিকোনো ছলেৰে এজন পুৰুষে নাৰীগৰাকীক লগ কৰিবলৈ উত্ৰাৱল হৈ থাকে । এক অজান ভয়ৰ মাজেদিয়েই লগ পাবলৈ কৰা এই প্ৰক্ৰিয়াত পুৰুষজনে নাৰীগৰাকীৰ কেইটামান দিশত বিশেষভাৱে মন কৰে ।

দুয়োজনেই এই সময়ছোৱাৰ বাবে নিজক আকৰ্ষণীয় কৰি তুলিবলৈ চেষ্টা কৰে । নাৰীগৰাকীয়ে নিজৰ সাজযোৰ পিন্ধোতে তেওঁক যাতে আটাইতকৈ ধুনীয়া দেখি তাৰ ওপৰত ধ্যান দিয়ে । কিন্তু আপুনি জানেনে এজন পুৰুষে নাৰীগৰাকীৰ কোন কেইটা বিষয়ত অধিক মনোযোগ দিয়ে !

১/ বাহ্যিক ৰূপ : আপুনি নিশ্চয় কয় যে মানুহৰ বাহ্যিক ৰূপ কোনো বিষয় নহয় । কিন্তু প্ৰথম সাক্ষাতত মানুহে মানুহৰ বাহ্যিক ৰূপটোহে অধিক মন কৰে । পুৰুষজনে ধ্যান দিয়ে যে তেওঁক লগ কৰিবলৈ আপুনি কেনেদৰে প্ৰস্তুত হৈ আহিছে । আপুনি ৰূপ-সজ্জা কৰিছেনে নাই , আপোনাৰ চুলি বন্ধাৰ ধৰণ , আপুনি কি পিন্ধিছে , আপুনি সংগীজনক মুগ্ধ ক’ৰাৰ চেষ্টা কৰিছেনে নাই ইত্যাদি ইত্যাদি ।

২/ দাঁত (Teeth) : পুৰুষে প্ৰথমে নাৰীৰ দাঁত অথবা মুখৰ দুৰ্গন্ধ লক্ষ্য কৰে । নাৰীগৰাকীয়ে নিজকে বুদ্ধিমতী ও স্মাৰ্ট হিচাপে উপস্থাপন কৰোতে দাঁতৰ যত্ন লৈছে নাই । মুখৰ দুৰ্গন্ধই আপোনাৰ ৰুচিহীনতাৰ পৰিচয় দিব । আপুনি কথা কোৱাৰ সময়ত সন্মুখত থকা মানুহজনে কোনো কাৰণতে যাতে বিৰক্তি নহয় , সেইকথা ধ্যান দিয়াটো জৰুৰী ।

৩/ আত্মবিশ্বাস (Self Confidence) : আপুনি কিদৰে কথা পাতিছে , আপুনি বিভিন্ন বিষয়ে আলোচনা কৰিব পাৰে নে নোৱাৰে , আপুনি কিমান আত্মবিশ্বাসেৰে কথা কয় এই সকলোবোৰ কথা পুৰুষে ধ্যান দিয়ে । আপুনি তেওঁৰ লগত সমানে কথা পাতিব পাৰিছে নাই তথা আপোনাৰ কথা কোৱাৰ ভংগীমাও লক্ষ্য কৰে ।

৪/ আপুনি কিমান বুদ্ধিমতী (Intelligence) : বহু নাৰীৰ এটা ভ্ৰান্ত ধাৰণা আছে যে, পুৰুষে কেৱল ৰূপ দেখিয়েই নাৰীক পচন্দ কৰে । কিন্তু আপুনি হয়তো নাজানে যে এজন পুৰুষে নাৰীৰ বুদ্ধিমত্তাও মন কৰে । অৰ্থাৎ আপোনাৰ সাধাৰণ জ্ঞান আৰু বুদ্ধিমত্তাৰ দিশটোও বিবেচনা কৰা দৰকাৰ । আপুনি কিমান প্ৰত্যুতপন্নমতি সেইয়াও ধ্যান দিয়ে পুৰুষজনে । প্ৰিয় পুৰুষজনৰ ওচৰত নিজকে বুদ্ধিমতী বুলি প্ৰমাণ কৰাটোও এক প্ৰয়োজনীয় কথা।

৫/ পুৰুষজনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰক : আপুনি পুৰুষজনৰ প্ৰতি কিমান আগ্ৰহী সেইকথা বুজাবলৈ চেষ্টা কৰক । আপুনি নিজৰ ব্যক্তিত্ব অনুযায়ী প্ৰশ্ন আৰু কথা পতাৰ চেষ্টা কৰক । আপুনি যে তেওঁৰ প্ৰতি আগ্ৰহী সেইকথা বুজাই দিয়ক । আপুনি পুৰুষজনৰ পচন্দ –অপচন্দৰ কথা জানিবলৈ চেষ্টা কৰক । কিন্তু আপুনি ভুলতো তেওঁ কিমান আয় কৰে বা তেওঁৰ সা-সম্পত্তিৰ পৰিমাণ কিমান , এইবিষয়ে নুসুধিব । এনেধৰণৰ কথাৰ পৰা আপোনাৰ ব্যক্তিত্বৰ ওজন হ্ৰাস পাব আৰু আপোনালোকৰ সম্পৰ্কত বাধা আহিব পাৰে ।

অৱশ্যে এটা ভাল সম্পৰ্কৰ বাবে দুয়োজনেই ইজনে-সিজনক জনা আৰু বুজাতো খুবেই প্ৰয়োজন । জীৱনলৈ অহা যিকোনো বিপদত আপুনি যে লগত থাকিব সেইকথাও বুজাই দিয়ক । আপুনি দিয়া কথাবোৰ ৰক্ষা কৰা প্ৰতিশ্ৰুতিয়ে যিকোনো সম্পৰ্কক স্থিৰস্থায়ী ৰূপ প্ৰদান কৰে ।

Exit mobile version