Dipika Chikhlia : সকলো সীমা অতিক্ৰম কৰি ব’ল্ড ভিডিঅ’ নিৰ্মাণ কৰিলে ৰামায়ণৰ সীতাই

ভাইৰেল ভিডিঅ’এ তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়াত

WhatsApp Image 2022 10 23 at 17.22.29

Dipika Chikhlia :

ভাৰতীয় দৰ্শনৰ ওপৰত বহুত চিনেমা নিৰ্মাণ হোৱাৰ সমান্তৰাকৈ বহু ধৰ্মীয় ভাৱধাৰাৰ ধাৰাবাহিকে প্ৰতিঘৰ মানুহকে ভক্তি ৰস সৃষ্টি কৰাত অৰিহণা যোগাই আহিছে । ৮০ দশকৰ এনে এখন ধাৰাবাহিকৰ কথা আজিও মানুহে পাহৰিব পৰা নাই ।

ৰামানন্দ সাগৰৰ এই ধাৰাবাহিকখন হৈছে ‘’ৰামায়ণ” । সৰ্বাধিক জনপ্ৰিয় হোৱা এই ধাৰাবাহিখন সকলো শ্ৰেণীৰ লোকৰ হৃদয়ত স্থান পাবলৈ সক্ষম হৈছিল । আঠৰ পৰা ৮০ বছৰ গৰকা সকলো লোকেই এই ধাৰাবাহিকখন চাবলৈ পুৱাই টেলিভিছনৰ সন্মুখত বহি পৰা দেখা গৈছিল ।

ৰামায়ণৰ মুখ্য চৰিত্ৰত অভিনয় কৰা ৰাম অৰ্থাৎ অৰুণ গোভিলক প্ৰকৃতাৰ্থত ভগৱানৰ অৱতাৰ হিচাপেই গণ্য কৰিছিল । একেদৰে সীতাৰ চৰিত্ৰত দীপিকা চিখলীয়াক সীতা মাৰ ৰূপতেই অংকন কৰিছিল সকলো ভাৰতীয় লোকে । বৰ্তমানেও ৰামায়ণত অভিনয় কৰা এইসকল শিল্পীক দৰ্শকে ভক্তি ভাৱেৰে চাই আহিছে ।

এনে সময়তো নিজৰ জনপ্ৰিয়তা ধৰি ৰখাৰ স্বাৰ্থত ছ’চিয়েল মিডিয়াত অধিক সক্ৰিয় হৈ উঠিছে সীতা ৰূপী দীপিকা । ছ’চিয়েল মিডিয়াত বিভিন্ন পষ্ট চেয়াৰ কৰা দীপিকাৰ সকলো ভিডিঅ’ তৎক্ষণাত বিয়পি পৰা দেখা যায় ।

সম্প্ৰতি এই অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত বহুকেইটা ব’ল্ড ভিডিঅ’ এৰি দিছে । যিখিনি প্ৰত্যক্ষ কৰি ৰাতিৰ ভিতৰতে আচম্বিত হৈ পৰিছে নেটিজেনসকল ।

বৰ্তমান ভাইৰেল হোৱা এই ভিডিঅ’ত অভিনেত্ৰীগৰাকীয়ে এটা ট্ৰেণ্ডিং গানত ভিডিঅ’ কৰা দেখা গৈছে । ভিডিঅ’ টোত অভিনেত্ৰীগৰাকীয়ে মাটিত থকা এযোৰ চেণ্ডেল তুলি লোৱাৰ লগে লগেই অভিনেত্ৰীগৰাকীৰ চেহেৰাটো সম্পুৰ্ণৰূপে সলনি হৈছে আৰু এই পৰিৱৰ্তিত ৰূপত অভিনেত্ৰীগৰাকীক যথেষ্ট গ্লেমাৰিয়াছ দেখা গৈছে ।

য’ত অভিনেত্ৰীগৰাকীয়ে এটা নীলা ৰঙৰ ৱান পিছ পিন্ধিছে আৰু এটা পাতল মেক-আপ তথা খোলা চুলিৰে অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্য অধিক তুলি ধৰিছে । ইতিমধ্যে এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত সাংঘাটিক ধৰণে জনপ্ৰিয় হোৱা পৰিলক্ষিত হৈছে । জনপ্ৰিয় হোৱাৰ সমান্তৰালকৈ অভিনেত্ৰীগৰাকীক অনুৰাগীসকলে সমালোচনাৰে থকা-সৰকা কৰাও দেখা গৈছে ।

এতিয়া কথা হৈছে কোনো কাৰণতে সীতাৰূপী দীপিকাক আধুনিক ৰূপত চাব নিবিচৰা অনুৰাগীসকলে অভিনেত্ৰীগৰাকীৰ এই ৰূপ দেখি মানি ল’ব বিচৰা নাই যে , সেইগৰাকীয়ে সেই সীতাৰূপী দীপিকা বুলি ।

যিহেতু ইতিমধ্যে অভিনেত্ৰীগৰাকীৰ সীতাৰ চাপ ভাৰতবৰ্ষৰ ঘৰে-ঘৰে বিদ্যমান হৈ আছে । স্বাভাৱিকতে সহনশীলা সীতাৰ সেই ৰূপৰ বিপৰীত এনে বল্ড ছবি দৰ্শকে গ্ৰহণ কৰিব পৰা নাই ।

দৰ্শকে মানি ল’ব পৰা নাই তেওঁ এগৰাকী অভিনয় শিল্পী বুলি । তেনেক্ষেত্ৰত সীতাৰ চৰিত্ৰত কৰা জীৱন্ত অভিনয়ে শিল্পীগৰাকীৰ অভিনয় যাত্ৰাত এক বাধা আনিছে বুলিও উল্লেখ কৰিছে একাংশ সমালোচকে ।

Exit mobile version