Nirmala Sitharaman : টকাৰ দাম কমা নাই ! দাবী প্রমাণ কৰিবলৈ এইবাৰ পৰিসংখ্যা প্রকাশ কৰিলে বিত্তমন্ত্ৰীয়ে

nirmala sitharaman

Nirmala Sitharaman :

টকা দুর্বল হোৱা নাই । বৰঞ্চ ডলাৰ শক্তিশালী হৈছে । কিছুদিন পূৰ্বে আমেৰিকাত দাবী কৰিছিল বিত্তমন্ত্রী নির্মলা সীতাৰামনে (Nirmala Sitharaman) । বিত্তমন্ত্রীৰ এই বক্তব্যৰ তীব্র সমালোচনা কৰিছে বিৰোধীসকলে । কিন্তু সীতাৰামন নিজৰ মন্তব্যত অটল । তেওঁৰ মন্তব্যৰ সমর্থনত এইবাৰ পৰিসংখ্যা প্রকাশ কৰিলে বিত্তমন্ত্রণালয়ে ।

বিত্তমন্ত্রণালয়ে শনিবাৰে অর্থনৈতিক পর্যালোচনাৰ প্ৰতিবেদন প্রকাশ কৰিছে । সেই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ডলাৰৰ (Dollar) তুলনাত টকাৰ দাম পতন হৈছে । অৱশ্যে, সেয়া বিশ্বৰ অন্যান্য দেশৰ মুদ্রাৰ তুলনাত কম ।

প্ৰতিবেদন অনুযায়ী, বিগত এমাহত ভাৰতীয় মুদ্রাৰ দাম ডলাৰৰ তুলনাত ৫.৪ শতাংশ‌ কমিছে । বিশ্বৰ অন্যান্য দেশৰ মুদ্রা বিশেষকৈ ডলাৰৰ বাহিৰে শ্ৰেষ্ঠ ছটা মুদ্রাৰ দাম গড়ে হৈছে ৮.৯ শতাংশ । অর্থাৎ তুলনামূলকভাৱে ভাৰতীয় মুদ্রা ভাল স্থানত আছে ।

উল্লেখ্য, বিত্তমন্ত্রীৰ দাবী আছিল, “টকাৰ (Indian Rupee) দামত পতন হোৱা নাই । মার্কিন ডলাৰ শক্তিশালী হৈছে । বিশ্বৰ অন্যান্য মুদ্রাতকৈ ভাৰতীয় মুদ্রা তুলনামূলকভাৱে ভাল অৱস্থাত আছে ।”

তেওঁ লগতে দাবী কৰে যে, মার্কিন ডলাৰ শক্তিশালী হৈছে । বিশ্বৰ অন্যান্য দেশৰ মুদ্রা দুর্বল হৈছে কূটনৈতিক পৰিস্থিতিৰ বাবে । বিত্তমন্ত্রণালয়ে প্রকাশ কৰা পৰিসংখ্যাই সীতাৰামনৰ সেই দাবীকেই মান্যতা দিয়ে । অপৰিশোধিত তেলৰ ক্রমাগত মূল্যবৃদ্ধি, বিশ্বব্যাপী আর্থিক মন্দাৰ শংকা, বিদেশী বিনিয়োগৰ অভাৱৰ দৰে বিভিন্ন বৈশ্বিক কাৰণকেই টকাৰ দামৰ সামান্য পতনৰ কাৰণ হিচাপে দৰ্শাইছে বিত্তমন্ত্রণালয়ে ।

উল্লেখ্য, বিগত সপ্তাহতেই সর্বকালৰ অভিলেখ গঢ়ি ডলাৰৰ তুলনাত টকাৰ দাম ৮৩ টকাত নামি যায় । পৰিসংখ্যা অনুযায়ী, কেৱল চলিত বছৰতেই টকাৰ দাম ১১ শতাংশ কমি গৈছে ।

বিগত আঠ বছৰত এই পতনৰ অংক ২৫ শতাংশৰো অধিক । ৰিজার্ভ বেংক অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুযায়ী, ২০১৪ৰ ৩১ ডিচেম্বৰত এক ডলাৰৰ (Dollar) দাম আছিল ৬৩ টকা ৩৩ প‌ইচা । ২০১৮ৰ ৩১ ডিচেম্বৰত এই দাম বাঢ়ি হয় ৬৯ টকা ৭৯ প‌ইচা । অর্থাৎ ডলাৰৰ তুলনাত টকাৰ দামৰ এই পতন ধাৰাবাহিক । অথচ বিত্তমন্ত্রণালয়ে ধাৰাবাহিকভাৱেই এই সত্যক অস্বীকাৰ কৰি আহিছে ।

Exit mobile version