Rocket : ইতিহাস ৰচিলে ভাৰতে : মহাকাশত উৰিল আটাইতকৈ বেছি ওজনৰ ৰকেট –

ISRO LVM3 OneWeb launch 23102022

Rocket :

দীপাৱলীৰ পূৰ্বে ভাৰতৰ আকাশত দেখা গ’ল অন্য এক পোহৰৰ শিখা । ৩৬টা চেটেলাইটৰ সৈতে অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাওয়ান স্পেচ চেণ্টাৰৰ পৰা মহাকাশত উৰিল ইচৰোৰ ৰকেট । উল্লেখ্য যে , ইয়াৰ পূৰ্বে ইচৰোৱে ইমান বেছি ওজনৰ ৰকেট মহাকাশলৈ পঠোৱা নাছিল ।

অৱশ্যে ইচৰোৱে ইয়াৰ পূৰ্বে বহুকেইটা অধিক ওজনৰ চেটেলাইট উৎক্ষেপণ কৰিছিল । পাঁচ হেজাৰ ৭৯৬ কেজি ওজনৰ পে-লোডেৰ সফলতাৰে উৰুৱাই মহাকাশ গৱেষণাই নতুন ইতিহাস ৰচনা কৰিলে । ইচৰোৱে প্ৰকাশ কৰা মতে, lVM3-M2 / Oneweb India-1 ৰ উৎক্ষেপণ সফল হৈছে আৰু লো আৰ্থ অৰবিট প্ৰতিষ্ঠাপন কামও সম্পূৰ্ণ হৈছে ।

শ্ৰীহৰিকোটৰ সতীশ ধাওয়ান মহাকাশ কেন্দ্ৰৰ পৰা জিওচিনক্ৰোনাচ লঞ্চ ভেহিকেল মাৰ্ক-৩ উৎক্ষেপণ কৰা হয় । দেওবাৰে ৰাতি ১২-৭ মিনিটত উৎক্ষেপণ কৰা হয় এই ৰকেট । জিএচএলডি এলডিএম ৩-১০ টন ওজনৰ পেলোড ক্ষমতা থকা ৰকেটখনত ৬ টন ওজনৰ সৈতে উৎক্ষেপণ কৰা হয় ।

উল্লেখ্য যে, ভাৰতৰ এইয়া হৈছে প্ৰথমটো বাণিজ্যিক উৎক্ষেপণ । ওয়ানওয়েৰ আৰু নিউ স্পেচ ইণ্ডিয়া লিমিটেডৰ (এনএচআইএল) লগত কৰা চুক্তি সাপেক্ষে এই মিছন উদ্বোধন কৰা হয় । LVM3 –M2 নামৰ এই ৰকেটখনৰ দৈৰ্ঘ্য ৪৩ মিটাৰ আৰু ওজন হৈছে ৬৪৪ টন ।

বৰ্তমানলৈকে আটাইতকৈ অধিক ওজনৰ ৰকেট হিচাপে পৰিগণিত হৈছে এই ৰকেট । ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইচৰোয়ে ইয়াৰ আগেও একাধিকবাৰ মহাকাশ অভিযানত সংযোগ হৈছে আৰু চেটেলাইটো প্ৰক্ষেপণ কৰিছে । কিন্তু ইমান ওজনৰ ৰকেট চেটেলাইটৰ সৈতে উৎক্ষেপণ কৰা নাছিল ।

এই প্ৰক্ষেপণৰ যোগেদি ভাৰতে আত্মনিৰ্ভৰ ভাৰতৰ পথত আৰু এখোজ আগবাঢ়িল । ইচৰোৰ চেয়াৰমেন সোমনাথে জনাই, ‘’ইচৰোৰ ৰকেট এলডিএম৩ এটি বে-চৰকাৰী যোগাযোগ সংস্থা, ওয়ানওয়েবেৰ ৩৬টা উপগ্ৰহ বহন কৰিব । ইতিমধ্যে লঞ্চৰ ২৪ ঘণ্টা কাউণ্টডাউন আৰম্ভ হৈ গ’ল ।

আগন্তুক বছৰৰ প্ৰথমতেই এই এলডিএম৩ আৰু ৩৬টা ওয়ানওয়েৰ উপগ্ৰহ উৎক্ষেপণ কৰিব।‘’ ইয়াৰযোগেদিয়েই আটাইতকৈ বেছি ওজনৰ বাণিজ্যিক ৰকেট GSLV MK3 উৎক্ষেপণ কৰি ইতিহাস ৰচিলে ভাৰতৰ এই মহাকাশ সংস্থাই ।

Exit mobile version