Cyclone sitrang : কিনকিনিয়া বৰষুণ ম্লান কৰিলে দেৱালীৰ উছাহ উত্তৰ-পূৱৰ দিশে ধাৱমান ঘূৰ্ণীবতাহ চিত্ৰাং

অসম-ত্ৰিপুৰাত বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰেড এলাৰ্ট

WhatsApp Image 2022 10 24 at 18.58.10 1

Cyclone sitrang :

পুৱাৰে পৰা অব্যাহত থকা নেৰানেপেৰা বৰষুণে ম্লান কৰিলে দীপাৱলীৰ উছাহ ৷ গুৱাহাটী মহানগৰ সহ ৰাজ্য খনৰ অধিকাংশ জিলাতে পুৱাৰে পৰা দি থকা বৰষুণৰ বাবেই কইনা  খোজেৰে যেন আগমণ হয় শীতৰ ৷

আনহাতে ৰাজ্যত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ মাজতে এইবাৰ ভুতৰ ওপৰত দানহ পৰাৰ দৰে আহি আছে চিত্ৰাং ঘূৰ্ণীবতাহ । ২৫ অক্টোবৰত অসম সহ উত্তৰ-পূৱৰ ৰাজ্য কেইখনত চিত্ৰাং ঘূৰ্ণীবতাহে কোবোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট কৰিছে অসম-ত্ৰিপুৰাবাসী জনসাধাৰণক ।

এই সন্দৰ্ভত আজি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সদৰি কৰা মতে চিত্ৰাং ঘূৰ্ণীবতাহে উত্তৰ-পশ্চিম দিশে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে আৰু আগন্তুক ১২ ঘণ্টাত পূব মধ্য বংগোপসাগৰত বৃদ্ধি কৰিছে চাপৰ ।

আনহাতে আজি ৰাতিপুৱা বংগোপসাগৰৰ ওপৰত ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ বাবেই বাংলাদেশৰ টিংকোনা দ্বীপ আৰু চেণ্ডৱিপৰ মাজত বাংলাদেশ উপকূল অতিক্ৰম কৰে চিত্ৰাং ঘূৰ্ণিবতাহ । তাৰ পিছতে মঙলবাৰে ভাৰতৰ দিশেও প্ৰৱল শক্তিৰে আগবাঢ়িব ঘূৰ্ণীবতাহ চিত্ৰাং।

এই ঘূৰ্ণীবতাহে ত্ৰিপুৰাত যথেষ্ট প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। একেদৰে অসম,মণিপুৰ ,মিজোৰাম,নাগালেণ্ডত ঘণ্টাত সৰ্বাধিক ২০০ মিলিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । শেহতীয়াকৈ সমগ্ৰ ৰাজ্যতে নেৰানেপেৰা কিনকিনীয়া বৰষুণ পুৱাৰে পৰা অব্যাহত আছে ৷

ত্ৰিপুৰা চৰকাৰে চিত্ৰাং ঘূৰ্ণিবতাহৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ সকলোবোৰ বিদ্যালয় আৰু মহাবিদ্যালয় সহ সকলো শিক্ষানুষ্ঠান ২৬ অক্টোবৰলৈকে বন্ধ ঘোষণা কৰিছে ৷ একেদৰে বৰাক উপত্যকাৰ হাইলাকান্দি,কাছাৰ,কৰিমগঞ্জ জিলাত বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট জাৰি কৰিছে ৷

ইতিমধ্যে আগতিয়াকৈ প্ৰশাসনে এছ ডি আৰ এফ আৰু এন ডি আৰ এফক সষ্টম কৰি ৰাখিছে ৷

Exit mobile version