Saudi Arabia’s mega-city চৌদি আৰৱত নিৰ্মাণ হৈছে ‘বিশ্বৰ অষ্টম আশ্চৰ্য

দুশ মিটাৰ দৈঘ্যৰ বহল চহৰ

Saudis Mega City is being built

Mega City is being Built

মৰুভূমিত দিন-ৰাতি চলিছে নিৰ্মাণকাৰ্য

Mega-city মৰুৰ দেশ চৌদি আৰৱৰ মৰুভূমিৰ মাজত নিৰ্মাণ হৈছে বিশালকায় অত্যাধুনিক চহৰ ৷ যাক অভিহিত কৰা হৈছে ‘ভৱিষ্যতৰ চহৰ’ বুলি ৷ ইতিমধ্যে ড্ৰোন ফুটেজত বন্দী হৈছে নিৰ্মাণকাৰ্যৰ দৃশ্যাংশ হৈছে।

‘দ্য লাইন’ নামেৰে নামাকৰণ কৰা চহৰখনৰ নিৰ্মাণৰ প্ৰাৰম্ভণিতে কিছু আওল লাগিছিল৷যাৰবাবে শেহতীয়াকৈ চহৰখন এটা সৰল ৰেখাত নিৰ্মাণ কৰা হ’ব যিটো আন চহৰৰ সৈতে সংযুক্ত কৰা হ’ব। ফটোগ্ৰাফী কোম্পানী অট স্কাইয়ে ইয়াৰ নিৰ্মাণৰ দৃশ্যৰ ফটো ৰেকৰ্ড কৰিছে আৰু এটা স্থাপত্য আলোচনী ডেজিনে ইয়াক মুকলি কৰিছে।

নিৰ্মাণৰ স’তে জড়িত থকা দ্য লাইন’ চহৰৰ কাৰ্যবাহী সঞ্চালকতাৰেক কাদ্দুমীয়ে কয়,এই চহৰখনৰ নিৰ্মাণত নিম্নতম ভূমি ব্যৱহাৰ কৰা হৈছে৷ বিশ্বত মানৱ সম্ভাৱনা, প্ৰযুক্তি আৰু বৰ্তমানৰ জীৱনশৈলী সলনি কৰাৰ প্ৰতিশ্ৰুতি আছে ৷ আনহাতে ড্ৰোন ফুটেজত দেখা গৈছে যে বিশাল মৰুভূমিত ডাঙৰ ডাঙৰ যন্ত্ৰবোৰ দেখা গৈছে।

এনে লাগিছে যে তেওঁলোকে এটা বিশাল সৰল ৰেখাত খনন কৰি আছে। চৌদি আৰৱ ইয়াৰ পূৰ্বেও বিশ্ববিখ্যাত বহু কেইটা সুবিশাল অট্টালিকা নিৰ্মাণ হৈছিল ৷

উল্লেখ্য যে চৌদি আৰৱৰ ৰাজধানী ৰিয়াধত কিং ছলমান পাৰ্ক নামৰ এখন বিশাল উদ্যান নিৰ্মাণ কৰা হৈছে যাৰ আকাৰ সম্পূৰ্ণ হ’লে লণ্ডনৰ হাইড পাৰ্কতকৈ সাত গুণ ডাঙৰ হ’ব।চোদী সম্ৰাট ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানে কেৱল এই প্ৰকল্পৰ বাবেই নহয়, ভৱিষ্যতৰ স্মাৰ্ট চিটিৰ এক বিশাল নেটৱৰ্ক ‘এনইওএম’ প্ৰকল্পৰ বাবেও ৫০০ বিলিয়ন ডলাৰৰ বাজেট নিৰ্ধাৰণ কৰিছে বুলি ধাৰণা কৰা হৈছে।

মনকৰিবলগীয়া যে মৰুভূমিত নিৰ্মাণ কৰা ‘দ্য লাইন’ নামৰ চহৰখনৰ দৈৰ্ঘ্য প্ৰায় ১৭০ কিলোমিটাৰ হ’ব। আন্ত:ৰাষ্ট্ৰীয় মহলে ইতিমধ্যে ইয়াক পৃথিৱীৰ অষ্টম আশ্চৰ্য বুলিও কব বিছাৰে।

চহৰখন মাত্ৰ ২০০ মিটাৰ বহল হ’ব আৰু ইয়াৰ উচ্চতা ৫০০ মিটাৰ হ’ব৷ যিবোৰ কাঁচেৰে নিৰ্মিত হ’ব। এই চহৰত বাস কৰা লোকসকলে এটা মূৰৰ পৰা আনটো মূৰলৈ যাবলৈ মাত্ৰ ২০ মিনিট সময় ল’ব। অনুমান কৰা হৈছে যে এই প্ৰকল্পটো সম্পূৰ্ণ হ’বলৈ প্ৰায় ৪০ ট্ৰিলিয়ন ডলাৰ ব্যয় হ’ব।

Exit mobile version