Cardamom : ইলাচি খেতিৰে বছৰি ১৪ লাখ টকা উপাৰ্জন কৰিছে এইজন খেতিয়কে

WhatsApp Image 2022 10 25 at 7.55.27 PM

Cardamom :

ভাৰতীয় খাদ্য সম্ভাৰৰ অন্যতম এবিধ সুগন্ধি মচলা হৈছে ইলাচি । যথেষ্ট মূল্যযুক্ত এইবিধ মচলাৰ খেতি কৰি এজন খেতিয়কে স্বাৱলম্বীতাৰ পথ সূচনা কৰিছে । বছৰি ১৪ লাখ টকা উপাৰ্জন কৰি বহু খেতিয়কলৈ আনিছে আশাৰ বতৰা ।

ইলাচি খেতিৰে সফলতাৰ মুখ দেখা এই খেতিয়কজন হৈছে যশোৰ জিলাৰ বেনাপোলেৰ শ্বাহজাহান । তেওঁৰ বাগানত উৎপাদন কৰা এই ইলাচিৰ চাহিদা ইমানেই বাঢ়িছে যে , বৰ্তমান তেওঁ বিদেশলৈও ইলাচিৰ ৰপ্তানি আৰম্ভ কৰিছে । শ্বাহজাহান বেনাপোল ইউনিয়নৰ নাৰায়ণপুৰ গ্ৰামৰ বাসিন্দা ।

কেনেকৈ তেওঁ আৰম্ভ কৰিলে এই ইলাচি খেতি ?
২০১৬ চনত প্ৰথমবাৰলৈ তেওঁ ইলাচিৰ গুটি সংগ্ৰহ কৰিছিল । এই গুটিৰে তেওঁ এই ইলাচিৰ খেতি আৰম্ভ কৰে । তেওঁৰ বাগানৰ উৎপাদনশীলতা দেখি বহুবাৰ কৃষি ও মচলা ইষ্টিটিউটৰ কৰ্ম-কৰ্তা উপস্থিত হৈ ইলাচিৰ বাগানখন পৰিদৰ্শন কৰে। বৰ্তমান শ্বাহজাহানে দেশৰ বিভিন্ন ৰাজ্যলৈ ইলাচিৰ ৰপ্তানি কৰি বহু অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ।

আমাৰ দেশত ইলাচিৰ বহু উপকাৰী গুণ আছে বুলি গণ্য কৰা হয় । এই ইলাচিৰ খেতি কৰিবলৈ অন্য খেতিৰ দৰে বহু মাটিৰো প্ৰয়োজন নাই লগতে বহু শ্ৰমিকৰো দৰকাৰ নহয় । অন্য মচলাৰ খেতিৰ তুলনাত খৰচো কম হয় । কিন্তু এই খেতিত লাভৰ বাবে কিছু সময় অপেক্ষা কৰিব লগা হয় ।

সহজে বেয়া নোহোৱা ইলাচিৰ এই গুণৰ বাবেও অন্য দেশলৈ ৰপ্তানি কৰাত সুবিধা হয় । যদি এই খেতি বৃহৎ আকাৰত কৰিব পৰা যায় ,তেন্তে এই খেতিৰ যোগেদি বহু নিবনুৱাক সংস্থাপন কৰাৰো সুবিধা আছে ।

এইক্ষেতত শ্বাহজাহানে কয় যে, এক একৰ মাটিত এই ইলাচি খেতি কৰিবলৈ প্ৰায় ৬ লাখ টকা খৰচ হয় । পাঁচ বছৰৰ পিছত এই এক একৰ মাটিৰ ইলাচি খেতিৰ পৰা প্ৰায় ১৫ কেজি পৰ্যন্ত ফল লাভ কৰিব পাৰে । যাৰ বজাৰমূল্য প্ৰায় ২০ লাখ টকা ।

উল্লেখ্য যে, এজোপা ইলাচি গছে ৩০ বছৰ পৰ্যন্ত ফল দিয়ে । তেওঁ আৰু কয় যে , এই ইলাচি গছে যেন দ্ৰুত গতিত ফল দিয়ে । ফল ধৰাৰ পূৰ্বেই পুৰণা ফল বিক্ৰী কৰি বহুখিনি লাভ পাবলৈ সক্ষম হৈছো । এই পৰ্যন্ত মই ইলাচি বিক্ৰী কৰি পাঁচ লাখ টকা উপাৰ্জন কৰিছো ।
উল্লেখ্য যে , শ্বাহজাহানে বৰ্তমান সকলো খৰচ বাদ দি বছৰি ১৪ লাখ টকা উপাৰ্জন কৰিছে ।

Exit mobile version