Egg : সপ্তাহত চাৰিটাতকৈ অধিক ডিম খালে কি হয় জানেনে ?

WhatsApp Image 2022 10 25 at 6.00.12 PM 1

Egg

দৈনন্দিন খাদ্য তালিকাত কম-বেছি পৰিমাণে সকলোৱেই এটা বা দুটা ৰাখে । বিশেষকৈ যিসকলে ডায়েট কৰে , সেইসকলে শৰীৰত প্ৰোটিনৰ চাহিদা পূৰণ কৰিবলৈ মাছ-মাংসৰ সমান্তৰালকৈ কণী খায় । কণীত বহু বেছি পৰিমাণে প্ৰোটিন থকাৰ লগতে না-না তৰহৰ ভিটামিন আৰু মিনাৰেল মজুত আছে ।

কণীৰ এই গুণাগুণৰ বাবেই প্ৰায় সংখ্যক লোকে দৈনিক কণী খোৱাৰ পোষকতা কৰে । কিন্তু মানুহৰ এই ধাৰণাক ভুল বুলি দাবী কৰিছে বিশেষজ্ঞৰ দলে । একাংশ বিশেষজ্ঞৰ মতে , দৈনিক কেইটা কণী খাব বা সপ্তাহত কেইটা কণী খোৱা উচিত তাৰ এটা নিৰ্দিষ্ট নিয়ম থকা উচিত ।

সেই সন্দৰ্ভত বিশেষজ্ঞই কৈছে যে , সপ্তাহত কোনোকাৰণতে অধিক কণী খোৱা উচিত নহয় । বিশেষজ্ঞৰ মতে সপ্তাহত তিনি বা চাৰিটা কণী খোৱা উচিত । সাধাৰণতে কণীত আছে না-না পুষ্টিগুণ । মাত্ৰ এটা কণীয়ে শৰীৰৰ ঘাটি পূৰণ কৰিব পাৰে । এটা কণীত ৬ গ্ৰাম প্ৰোটিন , ৫ গ্ৰাম উন্নতমানৰ ফেটি এচিদ আৰু প্ৰচুৰ খাদ্যগুণ থাকে ।

\মাত্ৰ এটা কণী খালেই শৰীৰত বহুখিনি কেলৰি শক্তি উৎপাদন হয় । সেইবাবেই বিশেষজ্ঞই সপ্তাহত তিনি বা চাৰিটা কণী খোৱাৰ পৰামৰ্শ আগবঢ়াইছে । এই পৰামৰ্শ আগবঢ়োৱাৰ কাৰণ হৈছে , ডিমত ‘এভিমিন’ নামৰ এবিধ গ্লাইকো প্ৰোটিন আছে।

যি চুলি , ছাল বা নখৰ গঠনত বাধা দিয়ে । যদি আপুনি চুলি সৰা , নখ ভঙ্গা বা ছালৰ কোনো সমস্যাত ভুগি আছে , তেন্তে আপুনি কণী খোৱাটো বন্ধ কৰিব লাগে । বিশেষজ্ঞই আৰু কৈছে যে , কণী মস্তিষ্কৰ ওপৰতো প্ৰভাৱ পেলায় । মস্তিষ্কৰ সু-স্বাস্থ্যৰ বাবে সপ্তাহত বেছি কণী নোখোৱাই ভাল ।

অৱশ্যে যিসকল লোকে দৈনিক শৰীৰচৰ্চা কৰে , তেওঁলোকে প্ৰতিদিনে নিজৰ ডায়েটৰ তালিকাত কণী ৰখাটো আৱশ্যক । কিন্তু যিসকলৰ কোনো শাৰীৰিক পৰিশ্ৰম নাই , তেওঁলোকে কণীৰ পৰা দূৰত্ব বজাই ৰখাই শ্ৰেয় ।

সেইবাবেই কণী খোৱাৰ পূৰ্বে এবাৰ ভাবি চোৱা উচিত যে , স্বাস্থ্য ৰক্ষাৰ অৰ্থে খোৱা কণীয়ে সঁচাকৈ আপোনাৰ স্বাস্থ্য ৰক্ষা কৰিছেনে নাই ? বিশেসজ্ঞৰ পৰামৰ্শ যে, শৰীৰৰ সমতা ৰক্ষা কৰিহে অধিক কণী খোৱা উচিত ।

Exit mobile version