Sonapur : সোণাপুৰৰ পথৰ কাষত উদ্ধাৰ অচিনাক্ত মৃতদেহ

শৰীৰত আঘাতৰ চিন স্পষ্ট

WhatsApp Image 2022 10 25 at 4.05.36 PM 1

Sonapur :

কিনকিনীয়া বৰষুণৰ মাজতে মঙলবাৰে দুপৰীয়া সোনাপুৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ ৷ পাটৰকুছিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হৈছে মৃতদেহটি এজন যুৱকৰ ৷

মৃতদেহটোৰ দেহত আঘাতৰ চিন স্পষ্ট হোৱালৈ চাই এইয়া হত্যাকাণ্ড বুলি সন্দেহ কৰিছে স্থানীয় লোকে ৷ বৰ্তমানলৈ আৰক্ষীয়ে নিশ্চিত হ’ব পৰা নাই পথ দুৰ্ঘটনা নে আন কিবা ৷ ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

Exit mobile version