Vericose Veins :ভৰিত ফুটি উঠা ৰক্ত জালিকা কোনো গুৰুত্বৰ ৰোগৰ সংকেত নেকি ? 

কি কৰিলে ইয়াৰ পৰা মুক্তি পাব ?

1666627592 new project 2022 10 24t213615 233

Vericose Veins :

বহু সময়ত ভৰিৰ পাছফালে গছৰ শিপাৰ দৰে অজস্র অকোৱা-পকোৱা সিৰা-উপসিৰা দেখা যায় । শৰীৰৰ অতিৰিক্ত ওজন সহিব নোৱাৰি, বহু সময়ত ভৰিৰ ছালৰ ওপৰত ৰক্তবাহিকাবোৰ ফুটি উঠে । বিশেষকৈ যিসকলে বহু সময়লৈকে কাম কৰে, তেওঁলোকৰ ভৰিত এই ধৰণৰ ৰক্ত জালিকা দেখা যায় ।
মহিলাসকলৰ ক্ষেত্রত একাধিক সময়ত ঋতুস্ৰাৱৰ পাছত আৰু গর্ভাৱস্থাত এই লক্ষণ পৰিলক্ষিত হয় । এনেদৰে ৰক্ত জালিকা ফুটি উঠিলে বহু সময়ত জ্বলাভাৱ, খজুৱতি বা শিৰশিৰনিৰ দৰে অনুভূতিও হয় । মেডিকেলৰ পৰিভাষাত এই ৰোগক ‘ভেৰিক’ছ ভেনছ’ বুলি কোৱা হয় ।
দীর্ঘ দিন ধৰি এইদৰে ভৰিত ৰক্ত জালিকাবোৰ ফুটি উঠিলে বহু সময়ত ভৰিত ভৰ দি থিয় হোৱাত অসুবিধা হয় । সামান্য কামৰ বাবে অন্যৰ ওপৰত নির্ভৰশীল হ’বলগীয়া হয় । এনে পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ চিকিৎসকৰ পৰামর্শ অৱশ্যেই প্ৰয়োজন ।
চিকিৎসকসকলৰ মতে, যান-বাহন আৰক্ষী বা যিসকলে থিয় হৈ পঢ়ায়, তেওঁলোকৰ প্ৰায়ে এই ধৰণৰ সমস্যাৰ সন্মুখীন হয় । প্রথমাৱস্থাত চিকিৎসা আৰম্ভ কৰিলে চিন্তাৰ কোনো কাৰণ নাথাকে । কিন্তু পৰিস্থিতি জটিল হৈ গ’লে বা বিষ হ’লে ঔষধ খাব‌ই লাগে ।
মহিলাসকলৰ ক্ষেত্রত ঋতুস্ৰাৱ হোৱাৰ পূৰ্বৰ পৰাই যদি সচেতনতা অৱলম্বন কৰা হয়, ‘ভেৰিক’ছ ভেনছ’ক লৈ বিশেষ চিন্তাৰ একো নাথাকে ।  সন্তান জন্মৰ পাছত, নিয়ম মানি কিছু বিশ্রামত থাকিলে অন্তঃসত্ত্বাসকলে এই সমস্যাৰ পৰা মুক্তি পাব পাৰে ।
এই ৰোগৰ বলি নহ’বলৈ কোনবোৰ কাম কৰিব নালাগে ?
১) একেৰাহে বহু সময়লৈ বহি নাথাকিব । মাজে মাজে খোজকাঢ়িব । ফলত ভৰিৰ ৰক্ত চলাচল ভাল হ’ব ।
২) উঠিব নোৱাৰিলে, চকীত বহি বহিয়ে দুখন ভৰি সন্মুখৰ ফালে পোন কৰক, আকৌ ভাঁজ লগাই নমাই দিয়ক ।
এই ৰোগৰ পৰা মুক্তি পাবলৈ কি কি কৰিব ?
১) আয়ুর্বেদিক তেলেৰে পাতল মালিচ কৰক ।
২) প্রতিদিনে যোগাভ্যাস কৰক ।
৩) ভৰিত চাপ পৰা কাম নকৰিব ।
৪) প্রতিদিনে কুহোমিয়া গৰম পানীত ভৰি ডুবাই ৰাখক ।
Exit mobile version