Neel Pawan Baruah :
ৰাজ্যৰ বিশিষ্ট চিত্ৰ শিল্পী নীলপৱন বৰুৱাৰ শাৰিৰীক অৱস্থাৰ ক্ৰমাৎ জটিল হৈ পৰিছে বুলি প্ৰকাশ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ।

২২ ছেপ্তেম্বত শাৰীৰিক অসুস্থতাৰ বাবে শিল্পী গৰাকীক ভৰ্তি কৰা হৈছিল জি এম চি এইছত ৷ চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা অৱস্থাতে যোৱা কেইদিনমানৰ পৰা ভুগিছিল জ্বৰত ৷ যাৰবাবে ইতিমধ্যে আ চি ইউত ভৰ্তি হৈ থকা শিল্পী গৰাকীক হাস্পতালৰ বিশেষজ্ঞ চিকিৎসকৰ দলে নিৰীক্ষণ কৰি আছে ৷
উল্লেখ্য যে বিশিষ্ট শিল্পীৰ সন্দৰ্ভত জি এম চি এইছৰ অধীক্ষকে জনোৱা মতে সম্প্ৰতি কৃত্ৰিম শ্বাহ প্ৰশ্বাসত থকা শিল্পী গৰাকীক মহাবিদ্যালয়ৰ অভিজ্ঞ চিকিৎসকৰ দলে চিকিৎসা কৰি সুস্থ কৰাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও মঙলবাৰে নিশাৰে পৰা স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক হৈ পৰিছে প্ৰখ্যাত শিল্পীজনৰ ৷