Sarbanandra Sonowal : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বানক্ৰমে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিনিধিবৰ্গৰে বৈঠক

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিবৰে টেলিফোনিক বাৰ্তালাপ সোণোৱালৰ

WhatsApp Image 2022 10 26 at 5.01.59 PM

Sarbanandra Sonowal :

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা আঞ্চলিক অসমীয়া বাতৰি উঠাই দিয়া বাবে বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আজি কেন্দ্ৰীয় জাহাজ, পৰ্ট আৰু আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বানমৰ্মে তেওঁৰ ডিব্ৰুগড়স্থিত বাসগৃহত আকাশবাণী ডিব্ৰুগড়ৰ কেন্দ্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিনিধিবৰ্গৰে এক আলোচনা অনুষ্ঠিত হয় ৷

ADVERTISEMENT

আলোচনাকালত প্ৰতিনিধিসকলে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা আঞ্চলিক অসমীয়া বাতৰি উঠাই দিয়াৰ বিষয়টোৰ লগতে অন্যান্য সমস্যা সমূহৰ বিষয়ে সৰ্বানন্দ সোণোৱালক বিতংকৈ অৱগত কৰে ৷ সোণোৱালে তেওঁলোকৰ মতামত আৰু সমস্যা সমূহ ভালদৰে শুনে আৰু এই সন্দৰ্ভত ডিব্ৰুগড়ৰ পৰাই কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিবৰ স’তে টেলিফোন যোগে বাৰ্তালাপ কৰে ৷

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা আঞ্চলিক অসমীয়া বাতৰি সম্প্ৰচাৰকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত তাৎক্ষণিকভাৱে ইতিবাচক ব্যৱস্থা ল’বলৈ সচিব গৰাকীক সোণোৱালে আহ্বান জনায় ৷ অতি শীৰ্ঘেই নতুন দিল্লীলৈ গৈ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উক্ত বিষয়ত সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিবৰ স’তে খৰচি মাৰি আলোচনা কৰিব বুলি উল্লেখ
কৰে ৷

Exit mobile version