Bihar 53 Wagons of Coal-Laden Goods train Derail : বিহাৰৰ পূব মধ্য ৰে’লৱেৰ গয়া-ধানবাদৰ গুৰপা ৰে’ল ষ্টেচনত ভয়ংকৰ দুৰ্ঘটনা মালবাহী ৰে’লৰ ৫৩ ডবা লাইনচ্যুত

WhatsApp Image 2022 10 27 at 14.55.10

Bihar 53 Wagons of Coal-Laden Goods train Derail :

বিহাৰৰ পূব মধ্য ৰে’লৱেৰ (ইচিআৰ) গয়া-ধানবাদ ৰে’ল শাখাৰ গুৰপা ৰে’ল ষ্টেচনত বুধবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷ কয়লা বোজাই নিয়া মালবাহী ৰে’ল এখন দুৰ্ঘটনা পতিত হৈ লাইনচ্যুত হয় ৫৩ টাকৈ ডবা ৷

ঘটনাটো ইমানেই ভয়াৱহ আছিল যে লাইনচ্যুত হোৱাৰ পিছতো ৰে’লৰ ইঞ্জিনটোৱে এটা ডবা টানি নিয়াৰ দৃশ্য ইতিমধ্যে ভাইৰেল হৈছে ছ’চিয়েল মাধ্যমত ৷ মালবাহী ৰে’লখনৰ লাইনচ্যুত হোৱাৰ ফলত এক ডজনৰো অধিক দীৰ্ঘ দূৰত্বৰ যাত্ৰীবাহী ৰে’লৰ পথ সলনি কৰিবলৈ বাধ্য হয় ৰে’ল কতৃৰ্পক্ষ।

উল্লেখ্য যে লাইনচ্যুত হোৱাৰ ফলত কেইবাখনো যাত্ৰীবাহী ৰে’ল বিলম্বিত হোৱাত লাখ লাখ প্ৰব্ৰজনকাৰী শ্ৰমিক ষট্ পূজাৰ বাবে বিহাৰ আৰু ঝাৰখণ্ডত ঘৰলৈ উভতি অহাত বহু অসুবিধাৰ সন্মুখিন দয় ৷

ৰে’লৱে বিষয়াসকলৰ মতে, মালবাহী ৰে’লখনৰ ব্ৰেক বিফল হৈছিল আৰু তীব্ৰ ঢাল থকা পাহাৰীয়া অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত ই বৈদ্যুতিক খুটাৰ সৈতে খুন্দা খাইছিল। যদিও ৰে’ল খনৰ চালকজনে ব্ৰেকত সমস্যা লক্ষ্য কৰাৰ পিছত অতি তৎপৰতাৰে ৰে’লৰ গতি হ্ৰাস কৰিবলৈ চেষ্টা কৰিছিল যদিও বিফল হৈছিল ৷

অৱশ্যে কোনোলোক হতাহত নোহোৱাকৈ মালবাহী ৰে’ল খন ষ্টেচনৰ কিছু নিলগত । ইতিমধ্যে ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াসকল দুৰ্ঘটনাস্থলীত উপস্থিত হৈ লাইনচ্যুত হোৱাৰ কাৰণ অনুসন্ধান কৰিছে ৷

Exit mobile version