Burn Injury : জুয়েৰে চুলি কটাবলৈ গৈ বিপদত পৰিল যুৱক ! ডিঙি-বুকু জ্বলিল কিশোৰৰ

WhatsApp Image 2022 10 27 at 15.30.43

Burn Injury :

জুয়েৰে চুলি কটাবলৈ গৈছিল এজন যুৱক । সেই জুয়েই পুৰিলে শৰীৰৰ কে’বাটাও অংশ । গুৰুতৰ আহত অৱস্থাত হাস্পাতালত ভর্তি কৰোৱা হয় তেওঁক । গুজৰাটৰ ভালছাদ জিলাৰ ভাপি চহৰত ঘটনা সংঘটিত হৈছে ।

বিগত কিছু বছৰত দেশে-বিদেশে জুয়েৰে চুলি কটোৱাৰ প্রৱণতা বাঢ়িছে । কেঁচিৰ পৰিৱৰ্তে বিশেষ ৰাসায়ন লগাই জুয়েৰে পুৰি দিয়া হয় ।

বুধবাৰে ভাপি চহৰৰ এখন ছেলুনত চুলি কটাবলৈ গৈছিল ১৮ বছৰীয়া যুৱক । জুয়েৰে চুলি জ্বলোৱাৰ সময়ত নিয়ন্ত্রণৰ বাহিৰত গুচি যায় আৰু যুৱকজনৰ ডিঙি, বুকু জ্বলি যায় ।

লগে লগে তেওঁক ভালছাদৰ অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হয় । অৱস্থাৰ অৱনতি ঘটাত তেওঁক সুৰতৰ এখন হাস্পাতালত ভর্তি কৰা হয়‌ ।

খবৰ লাভ কৰিয়ে তদন্তত নামে ভালছাদ থানাৰ আৰক্ষী । তদন্তকাৰী বিষয়া কৰমসিংহ মাকৱানাই জনাইছে, যুৱকজন সুস্থ হ’লে তেওঁৰ ভাস্য লোৱা হ’ব । নাপিতজনৰো ভাস্য ৰেকর্ড কৰা হ’ব ।

জুয়েৰে চুলি জ্বলোৱাৰ আগতে তাত কি ৰাসায়নিক দিয়া হৈছিল, তাৰো পৰ্যবেক্ষণ কৰিছে আৰক্ষীয়ে ।

Exit mobile version